17 C
Guwahati
Friday, December 13, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় নিজ জ্যেষ্ঠ ভগ্নীয়ে জীৱন্তে নদীত উটুৱাই হত্যা কৰিলে ডেৰ বছৰীয়া ভাতৃক; কিয়,...

    নিজ জ্যেষ্ঠ ভগ্নীয়ে জীৱন্তে নদীত উটুৱাই হত্যা কৰিলে ডেৰ বছৰীয়া ভাতৃক; কিয়, কাৰণ জানিলে হতভম্ব হৈ পৰিব আপুনি

    জনচক্ষুৰ অলক্ষিতে দলঙৰ ওপৰৰ পৰা টোপোলাৰে সৈতে দলিয়াই ভাতৃক

    ভাতৃ-ভগ্নীৰ মাজৰ যি প্ৰেম সেই প্ৰেমক মূল্যহীন কৰিলে এগৰাকী জ্যেষ্ঠ ভগ্নীয়ে। সম্পৰ্কীয় অন্য এগৰাকী ভগ্নীৰে সৈতে মিলিত হৈ হত্যা কৰিলে নিজৰেই সহোদৰক। কেনেকৈ, কাৰণ জানিলে আচৰিত হৈ পৰিব আপুনি । মই বা আপুনি হয়তো সপোনতো ভাৱিব নোৱাৰো তেনে এটি ঘটনা কৰাৰ, পিছে দুগৰাকী নাবালিকাই লগ হৈ কৰি পেলালে তেনে এটি ঘটনাই। নিজৰেই ডেৰ বছৰীয়া ভয়েকৰ দুষ্টালিত অতিষ্ট হৈ জীৱন্তে উটুৱাই দিলে নদীত।

    ঘটনাৰ বিৱৰণ অনুসৰি, এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ জ্বালাপুৰত। পিতৃ-মাতৃ কামত ওলাই যাব লগা হোৱা বাবে সদাই ভায়েকক চোৱা-চিতাৰ দ্বায়িত্ব পৰে কনমানি জ্যেষ্ঠ ভগ্নীৰ ওপৰত। অবুজ ভাতৃৰ দুষ্টালি লগতে মল-মূত্ৰ আদি পৰিষ্কাৰ কৰি অতিষ্ট হৈ অৱশেষত সিধান্ত লয় ভাতৃৰ পৰা ৰক্ষা পোৱাৰ। কিন্তু কৰে কি? দুই ভগ্নীয়ে লগ হৈ ৰচিলে এক কৌশল। প্ৰথমে নিশা গাখীৰৰ লগত দিলে টোপনি অহা ঔষধ। তাৰ পিছত পুৱা উঠি টোপনিত লালকাল দি থকা ভাতৃক এটা মোনাত ভৰাই চাইকেলত তুলি লৈ যায় নদীৰ ঘাটলৈ। তাতেই জনচক্ষুৰ অলক্ষিতে দলঙৰ ওপৰৰ পৰা টোপোলাৰে সৈতে দলিয়াই ভাতৃক। আৰু ঘৰত আহি ভায়েকৰ সন্ধানহীন হোৱাৰ খবৰ দিয়ে।

    পিতৃ-মাতৃয়ে আৰক্ষীত খবৰ দিয়ে যদিও তিনিদিন ধৰি সন্ধানহীন হৈ থকা ডেৰ বছৰীয়া কনমানীৰ কোনো ধৰণৰ খবৰ উলিয়াব নোবাৰে। পিছত চিচি টিভিৰ ফুটেজত দুই ভগ্নীকে এটা মোনা লৈ ঘৰৰ পৰা বাহিৰ হোৱা দেখা পায়। পিছত আৰক্ষীৰ জেৰাত সকলো সৈ কাঢ়ে দুইয়ো। কিদৰে এই সমস্ত ঘটনা সমাপন কৰে তাক বিবৰি কয়। এতিয়া আৰক্ষীৰ জিম্মাত থকা দুইয়ো ভগ্নী নাবালিক হোৱা বাবে শিশুগৃহলৈ পঠিয়াই দিয়া হ’ব বুলি জানিবলৈ দিয়ে উত্তৰাখণ্ডৰ আৰক্ষীয়ে।

    Published: