বছৰৰ শেষ দিনটোতে এক দুঃসংবাদ। অসমৰ সাংস্কৃতিক জগতৰ অন্যতম বটবৃক্ষস্বৰূপ ৰত্ন ওজাৰ দেহাৱসান।
কবি, গীতিকাৰ, নাট্যকাৰ, অভিনেতা হিচাপে সুপৰিচিত ৰত্ন ওজাই সোমবাৰে নিশা ১ বজাত গুৱাহাটীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত ৰত্ন ওজাৰ বয়স হৈছিল ৮৮ বছৰ।
১৯৩১ চনৰ ৫ ডিচেম্বৰত বৰপেটাত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট সাংস্কৃতিক কৰ্মীগৰাকীয়ে। সামাজিক, সাংস্কৃতিক, সাহিত্য ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ৰত্ন ওজাৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।
Photo Credit: Asomiya Pratidin