লোকসভাত নাগৰিকত্ব সংশোধনী গৃহীত হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে জ্বলিছে সমগ্ৰ ৰাজ্য। কেব বিৰোধী প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। টায়াৰ জ্বলাই হওক বা পথ অৱৰোধ কৰিয়েই হওক সকলো পন্থা অৱলম্বন কৰিছে প্ৰতিবাদকাৰীয়ে। ক’ৰবাত যদি প্ৰতিকৃতি দাহ, ক’ৰবাত উটুৱাইছে মন্ত্ৰীসকলৰ প্ৰতিকৃতি, ক’ৰবাত আকৌ মন্ত্ৰীৰ ঘৰ ঘেৰাও, ক’ৰবাত মন্ত্ৰীসকলৰ মুৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

সেই একে সময়তে উজনি-নামনি অসমতো প্ৰতিবাদৰ জোৱাৰ উঠিছে। কেবক বিৰোধিতা কৰি নেছ’ই দিয়া অসম বন্ধৰ ফলত ৩ দিনলৈ স্তব্ধ হৈ পৰিল উজনি অসম। বুধবাৰেও বন্ধ পালন কৰিলে কেব বিৰোধীয়ে। এই হুলস্থুল পৰিৱেশৰ মাজত ডিব্ৰুগড়ত সংঘটিত হ’ল আন এক ঘটনা।
ডিব্ৰুগড়ৰ গাৰ্ডেন ট্ৰিটত অনুষ্ঠিত এখন বিবাহত কইনাৰ সাজত ৰৈয়ে থাকিল দৰাৰ বাবে কিন্তু নাহিল দৰা। দৰাচলতে অসম বন্ধৰ ফলতে দৰা বিয়া কৰাবলৈ উপস্থিত থাকিব নোৱাৰিলে। যোৰহাটৰ পৰা পুৱাই কইনাক আনিম বুলি ওলোৱা দৰাই ওভতিব লগা হ’ল শিৱসাগৰৰ পৰাই।.