জুৱাৰ ঘাটি উত্খাত, জালত পৰিল ৯টাকৈ জুৱাৰী

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

মৰিগাঁৱত আৰক্ষীয়ে উত্খাত কৰিলে জুৱাৰ ঘাটি। লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ৯টাকৈ জুৱাৰীক। মৰিগাঁৱৰ লেলাবড়ী বাগমৰাত নিশা আৰক্ষীয়ে অভিযান চলাই জুৱাৰীকেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে জুৱাত ব্যৱহৃত বহু সামগ্ৰীও। ৩৯৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি জুৱাৰীকেইটাক প্ৰেৰণ কৰে জেল হাজতলৈ।

ধৃত জুৱাৰীকেইটাৰ নাম ক্ৰমে ছফিকুল ইছলাম, জিন্নাতুল ইছলাম, ছাজাহান আলী, ছাইদুল ইছলাম, জাহেদ আলী, ইছলাম আলী, হবিবুৰ ৰহমান, ছফিক আলী আৰু খলিলুৰ ৰহমান। জুৱাৰীকেইটাৰ পৰা নগদ ৮২ হাজাৰ টকা, এখন ইণ্ডিকা গাড়ী, এখন বাইকৰ লগতে আৰক্ষীয়ে জব্দ কৰে ৮টা মবাইল ফোনো।

Photo : Kuldeep Bordoloi

Related Post