23 C
Guwahati
Tuesday, May 18, 2021
More

    ১ ফেব্ৰুৱাৰীত ফাঁচী; তিহাৰ কাৰাগাৰ কর্তৃপক্ষই ৪ নৰপিশাচৰ পৰিয়াললৈ কৰিলে পত্ৰ প্ৰেৰণ

    ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ৪ জন দোষীকে ফাঁচিকাঠত ওলমোৱাৰ বাবে যাৱতীয় প্রস্তুতি সাজু কাৰাগাৰ কর্তৃপক্ষৰ

    ১ ফেব্ৰুৱাৰীত ফাঁচিকাঠত ওলমোৱা হ’ব নিৰ্ভয়া গণধৰ্ষণ গোচৰৰ চাৰি নৰপিশাচ ক্ৰমে মুকেশ সিং, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় ঠাকুৰক। দিল্লীৰ তিহাৰ কাৰাগাৰত ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ৪ জন দোষীকে ফাঁচিকাঠত ওলমোৱাৰ বাবে কাৰাগাৰ কর্তৃপক্ষই সকলো যাৱতীয় প্রস্তুতি সাজু কৰি ৰাখিছে৷

    ইতিমধ্যে তিহাৰ কাৰাগাৰ কর্তৃপক্ষই ৪ জন দোষীৰ পৰিয়াললৈ পত্ৰ প্ৰেৰণ কৰিছে । মৃত্যুদণ্ড দিয়াৰ পূৰ্বে অপৰাধীকেইজনক পৰিয়ালৰ লোকে অন্তিমবাৰৰ বাবে সাক্ষাৎ কৰিবলৈ ইচ্ছা কৰিলে সাক্ষাৎ কৰিব পাৰিব বুলি পত্ৰখনত লিখা হৈছে।

    ধৰ্ষণকাৰীকেইজনকো তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই মৃত্যুৰ পূৰ্বে শেষ ইচ্ছাৰ বিষয়ে সুধি আছে যদিও এজনেও শেষ ইচ্ছাৰ বিষয়ে মুখ খোলা নাই।

    Photo Credit: daijiworld.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING