ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। দিল্লীস্থিত নীতি আয়োগৰ এজন বিষয়াৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। ইয়াৰ পিছত ছীল কৰি দিয়া হৈছে নীতি আয়োগৰ কাৰ্যালয়। বিষয়াসকলে ক’লে যে সমগ্ৰ কাৰ্যালয়টো ছেনিটাইজ কৰা হৈছে।
পজিটিভ পোৱাৰ পিছত কাৰ্যালয়টোৰ প্ৰতিগৰাকী নিৰাপত্তাৰক্ষীক ছেনিটাইজ কৰা হৈছে আৰু তাৰ পিছতহে কাৰ্যালয়ৰ ভিতৰত সোমাবলৈ অনুমতি প্ৰদান কৰা হৈছে। কাৰ্যালয়টোৰ প্ৰতিটো কোঠা ছেনিটাইজ কৰা হৈছে।
উল্লেখ্য যে ৰাজধানী দিল্লীত ধাৰাবাহিকভাৱে কৰ’ণা ভাইৰাছত লোক আক্ৰান্ত হৈ আছে। স্বাস্থ্য মন্ত্ৰালয় অনুসৰি এইপৰ্যন্ত দিল্লীত ৩,১০৮জন লোক আক্ৰান্ত হৈছে। আনহাতে ৫৪জন লোকে প্ৰাণ হেৰুৱাইছে আৰু সুস্থ হৈ উঠিছে ৮৭৭জন লোক।
Photo credit: Twitter