33 C
Guwahati
Saturday, September 11, 2021
More

    কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নৰ্থ ইষ্ট গেছ পাইপ লাইনলৈ ৫,৫০০ কোটি টকাৰ অনুমোদন

    ১৬৫৬ কিলোমিটাৰ পাইপলাইনেৰে সংযোগস্থাপন কৰা হ'ব গুৱাহাটীৰ লগতে উত্তৰ পূবৰ মুখ্য চহৰ সমূহ

    নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নৰ্থ ইষ্ট গেছ পাইপ লাইনক অনুদান হিচাপে আগবঢ়াইছে ৫৫০০কোটি টকা। এই টকাৰে ১৬৫৬ কিলোমিটাৰ পাইপলাইনেৰে সংযোগ স্থাপন কৰা হ’ব গুৱাহাটীৰ লগতে উত্তৰ-পূবৰ মুখ্য চহৰসমূহ। এই অনুদানে উত্তৰ-পূবৰ উদ্যোগিক খণ্ডত আৰু অধিক উন্নতি সাধন কৰিব বুলি দাবী কেন্দ্ৰীয় চৰকাৰৰ।

    ভৱিষ্যতে ভাৰতক এখন তৈল দেশ হিচাপে পৰিগণিত কৰাৰ বাবে এইদৰে আগবাঢ়িছে মোডী চৰকাৰ। ইয়াৰ বাবে দেশৰ তৈল ক্ষেত্ৰত অনুদানো আগবঢ়াইছে বহুত।

    এই পাইপ লাইনে অসসমৰ গুৱাহাটী মহানগৰীস্থিত নুনমাটিকে ধৰি, ইণ্ডিয়ান অইল, অ এন জি চি, অইল ইণ্ডিয়া আৰু নুমলিগড় শোধনাগাৰকো সংযোগ কৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING