পুনৰ হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ মূল্য। বৃদ্ধি হোৱা মূল্যৰ বাবে সাধাৰণ জনতাৰ লগতে চৰকাৰৰো চকুত এতিয়া চকুপানী। বৰ্তমান গুৱাহাটীৰ বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীয়ে প্ৰতিকেজি পিঁয়াজ বিক্ৰী কৰি আছে ৫০ৰ পৰা ৬০ টকাত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত চিন্তা প্ৰকাশ কৰি খাদ্য আৰু যোগান বিভাগক শীঘ্ৰে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
ইফালে ১৯ ছেপ্টেম্বৰত দেশৰ আটাইতকৈ বৃহৎ পিঁয়াজৰ মাৰ্কেট ‘লাচলগাঁও এপিএমচি’ (Lasalgaon APMC)ত পিঁয়াজৰ দাম ১০০০ টকালৈ প্ৰতি কুইণ্টলত বৃদ্ধি পাইছিল। লগতে বিগত ৪ বছৰত পিঁয়াজৰ দাম সৰ্বাধিক বৃদ্ধি পাইছে। যোগান কম হোৱাৰ বিপৰীতে চাহিদা বৃদ্ধি পোৱাৰ বাবে দাম বাঢ়িছে পিঁয়াজৰ। চৰকাৰে এই ক্ষেত্ৰত মূল্যবৃদ্ধি ৰোধ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কোনো বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা হোৱা নাই। বিশেষজ্ঞসকলৰ মতে যদিহে নতুন পিঁয়াজ শীঘ্ৰে বজাৰলৈ আহি নাপাই তেন্তে প্ৰতি কিলো পিঁয়াজৰ মূল্য ৭০ৰ পৰা ৯০টকালৈও বৃদ্ধি হোৱাৰ সম্ভাৱনা।
দেশৰ বিভিন্ন বজাৰৰ লগতে অসমৰ বজাৰতো দেখিবলৈ পোৱা গৈছে পিঁয়াজৰ মূল্যবৃদ্ধি। ঠায়ে ঠায়ে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰো অভিযোগ উঠিছে।
Photo credit: thehindu.com