ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। চেঞ্চুৰিৰ দিশে প্ৰতি কেজি পিঁয়াজৰ মূল্য। বৰ্তমান দেশৰ প্ৰতিখন স্থানতে পিঁয়াজৰ মূল্য হৈছেগৈ প্ৰতি কেজিত ৮০ টকা। চণ্ডীগড়ত প্ৰতিকেজিত পিঁয়াজৰ খুচুৰা মূল্য ৫০ টকাৰ বৃদ্ধি হৈ এতিয়া ৮০ টকাৰ ঘৰ স্পৰ্শ কৰিছে। সোমবাৰে চণ্ডীগড়ত পিঁয়াজৰ মূল্য আছিল ৭০ টকা কিন্তু মঙলবাৰৰ পৰা এই দৰ বৃদ্ধি হৈ হ’ল ৮০ টকা। গুৱাহাটীতো প্ৰতিকিলোগ্ৰাম পিঁয়াজৰ মূল্য হৈছেগৈ ৮০ টকা।
দক্ষিণ ভাৰতত মুষলধাৰ বৰষুণৰ বাবে সামগ্ৰী সৰবৰাহ কৰাত সমস্যা হোৱাৰ লগতে শস্যৰ ক্ষতিৰ বাবেও পিঁয়াজৰ মূল্য বৃদ্ধি পোৱা বুলি জনালে পিঁয়াজৰ ব্যৱসায়ীসকলে। কিন্তু চৰকাৰী তথ্য অনুসৰি পিঁয়াজৰ মূল্য যথেষ্ট বৃদ্ধি পোৱা নাই।
আনহাতে, পিঁয়াজৰ মূল্য সন্দৰ্ভত বুধবাৰে চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে এক বৈঠকত মিলিত হয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। তেওঁলোকে জনোৱা অনুসৰি জানুৱাৰীলৈ হ্ৰাস নাপায় পিঁয়াজৰ দৰ।