17 C
Guwahati
Friday, December 13, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম ইজিপ্তৰ পৰা আমদানি কৰা হ'ব পিয়াঁজ- ফণী ভূষণ চৌধুৰী

    ইজিপ্তৰ পৰা আমদানি কৰা হ’ব পিয়াঁজ- ফণী ভূষণ চৌধুৰী

    ইমান দুৰৰ পৰা আমদানী কৰাৰ পিছতো সেই পিয়াঁজৰ মূল্য হ'ব কেৱল মাত্ৰ ৫৫ টকা প্ৰতি কেজি

    বৰ্তমানে অসমৰ জনসাধাৰণক ৰঙা পিয়াঁজে কন্দুৱাবলৈ বাকী। প্ৰতি কেজি পিয়াঁজৰ মূল্য ১০০/১২০ টকাৰে আকাশলংধী হোৱাত হাইৰাণ হৈ পৰিছে সাধাৰণ জনতা। ইমানৰ পিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ ভেটা লগাব পৰা নাই পিয়াঁজৰ বৰ্ধিত মূল্যৰ ওপৰত।

    সেয়ে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে কয় সূদূৰ ইজিপ্তৰ পৰা আমদানি কৰা হ’ব পিয়াঁজ। এই আমদানিকৃত পিয়াজ প্ৰথমে অনা হ’ব মুম্বাইলৈ আৰু তাৰ পৰা অসমলৈ। ইমান দুৰৰ পৰা আমদানি কৰাৰ পিছতো সেই পিয়াঁজৰ মূল্য হ’ব কেৱল মাত্ৰ ৫৫ টকা প্ৰতি কেজি। তাৰ পিছত অসমৰ মানুহে উপভোগ কৰিব বিদেশৰ পৰা আমদানিকৃত পিয়াঁজ।

    উল্লেখ্য যে ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পিছত হে পিয়াঁজৰ মূল্য কিছু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰশাসনে মন্তব্য ব্যাক্ত কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time