চলিত দিনত পাকিস্তানত সাধাৰণ ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া হৈছে। একাপ চাহো পাকিস্তানীসকলৰ বাবে ব্যয়বহুল হৈ পৰিছে। বৰ্তমান পাকিস্তানত গাখীৰৰ মূল্যই আকাশ স্পৰ্শ কৰিছে। ১ লিটাৰ গাখীৰ মূল্য ১৪০ টকাতকৈও অধিক হৈছে।
স্থানীয় সংবাদমাধ্যমৰ তথ্য অনুসৰি পাকিস্তানত পেট্ৰ’ল আৰু ডিজেলত কৈও অধিক দামত বিক্ৰী হৈ আছে গাখীৰ। বৰ্তমান পাকিস্তানত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১১৩ টকা আৰু ডিজেলৰ দাম ৯১ টকা।
পাকিস্তানত এই অৱস্থা হোৱাৰ কাৰণ কি?
পাকিস্তানী বাতৰি কাকত এক্সপ্ৰেছৰ অনুসৰি মহৰমত গাখীৰৰ চাহিদা বৃদ্ধি হোৱাত ডেয়ৰী মাফিয়াই নিজৰ ইচ্ছা অনুসৰি বৃদ্ধি কৰিছে গাখীৰৰ মূল্য। যাৰ ফলত এই উত্সৱৰ বতৰত গাখীৰে চুইছে আকাশলংঘী মূল্য। পাকিস্তানৰ কৰাচী আৰু সিন্ধ প্ৰান্তত গাখীৰৰ মূল্যই স্পৰ্শ কৰিছে ১৪০ৰ ঘৰ। মহৰমত গাখীৰৰ চৰবত আৰু পায়স প্ৰস্তুত কৰি ৰাইজৰ মাজত ভগাই দিয়া হয়।
image credit: orissapost.com