পাকিস্তানী হিন্দুৱে নিবিচাৰে ভাৰতীয় নাগৰিকত্ব

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এজন প্ৰকৃত হিন্দুৱে কেতিয়াও এই আইন মানি নলয় তথা এই আইনৰ অন্তৰালত কেতিয়াও ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

ভাৰতবৰ্ষৰ চুবুৰীয়া তিনিখন দেশ ক্ৰমে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ কিছু নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বুলি নতুন আইন বলবৎ হোৱাৰ পিছত সেই আইন অগ্ৰাহ্য কৰিছে পাকিস্তানী হিন্দুৱে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সহিতে সৰ্বা চৰকাৰে কৰি থকা দম্ভালিৰ পিছত সেই নাগৰিকত্ব নালাগে বুলি জনাইছে পাকিস্তানত থকা সংখ্যালঘু হিন্দু নাগৰিকসকলে।

নতুন আইনৰ অধীনত এই তিনিখন দেশৰ পৰা হিন্দু, বৌদ্ধ ধৰ্ম, খ্ৰীষ্টান, পাৰ্চী আৰু জৈন সম্প্ৰদায়ৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। পাকিস্তানৰ হিন্দু সম্প্ৰদায়ে সৰ্বসন্মতিক্ৰমে এই আইনখন প্ৰত্যাখ্যান কৰিছে। তেওঁলোকে কয় যে এই আইনখন ভাৰতৰ লোক সকলক সাম্প্ৰদায়িক ভিত্তিত বিভাজন কৰাৰ সমতুল্য।

এক প্ৰেছ বিজ্ঞপ্তি যোগে পাকিস্তানৰ হিন্দু কাউন্সিলৰ পৃষ্ঠপোষকতা কৰা ৰাজা আচাৰ মাংগলানিয়ে সদৰী কৰে এই কথা। লগতে এই কথাও উল্লেখ কৰে যে এজন প্ৰকৃত হিন্দুৱে কেতিয়াও এই আইন মানি নলয় তথা এই আইনৰ অন্তৰালত কেতিয়াও ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰে।

Photo Credit: tehexpresstribun

Related Post