ৰাজ্যৰ প্ৰতিতো প্ৰান্ততে চলি থকা কা প্ৰতিবাদৰ সময়তে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়েও এক সংবাদমেলৰ আয়োজন কৰি ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছিল। কোনো কাৰণতে জাতিধ্বংসী এই আইন মানী লোৱা ন’হব বুলিও কৈছিল সভাপতিগৰাকীয়ে। লগতে অসমীয়া ভাষাও সদায় সুৰক্ষিত হৈথাকিব বুলিও কৈছিল সংবাদমেল খনত।
পিছে দৰঙত হোৱা এক সভাত বিপৰীত স্থিতিহে দেখা গ’ল ডাঙৰীয়াৰ। পৰমাদাই মনত ৰখা শক্তিয়েই হেৰুৱাই পেলালে নে ভুলতে কলে এই কথা, নে জিভা পিছল খালে দাদাৰ। বিৰোধী গৈ সমৰ্থন হৈ পৰিল পৰমাদা। সভাত ‘কা’ৰ বিৰুদ্ধাচৰণ নকৰো নকৰো নকৰো বুলি ৩ বাৰকৈ কৈ দিলে উদাত্ত কণ্ঠেৰে। লগে লগে উপস্থিত ৰাইজে ঘেৰাও কৰিলে পৰমানন্দ ৰাজবংশীক। নিজ জন্মভূমি দৰঙীয়া ৰাইজৰ ৰোষত পৰমানন্দ ৰাজবংশী। অৱশ্যে ৰাইজৰ ৰোষত পৰাৰ পিচত তেওঁ কয় আচলতে ভুলবশতহে তেওঁৰ মুখৰ পৰা ‘কা’ৰ সমৰ্থন কৰা বিষয়টো ওলাই যোৱা বুলি কয় ৰাজবংশীয়ে।
উল্লেখযোগ্য যে সভাখনত ৰাজবংশীৰ ভাষণৰ লগতে ‘কা’ক লৈ তেওঁৰ আৰু সাহিত্য সভাৰ স্থিতি কি, শুনিবলৈ আন্দোলনকাৰী সকল আগ্ৰহেৰে ৰৈ আছিল। কিন্তু ৰাজবংশীয়ে কৌশলেৰে ‘কা’ৰ বিষয়ে বক্তব্য ৰখাৰ পৰা বিৰত আছিল আৰু ভাষণ আৰম্ভ কৰিয়েই বিভিন্ন আবোল-তাবোল বকাৰ লগতে নিজৰ আত্মজীৱনীৰ পাতনি মেলিছিল। লগতে পাতনি মেলিছিল এজিপিৰ জীৱনগাঠা। আবেগতে তেওঁ কৈয়েই পেলালে এজিপিৰ জন্মদাতাও হেনো তেওঁই।
এটা সময়ত গৈ ৰাইজ অতিষ্ঠ আৰু ক্ষোভিত হ’ল। ৰাইজৰ ক্ষোভ দেখি ওচৰতে থকা দুই এজনে কলেও দাদা ‘কা’ৰ বিষয়ে কওঁক। ৰাইজৰ দাবীত এইবাৰ পৰমাই ‘কা’ৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিয়েই এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ কৈয়েই পেলালে মই ‘কা’ৰ বিৰুদ্ধাচৰণ নকৰো নকৰো নকৰো।
Photo Credit: @Kishor kalita