অৰুণাচল প্ৰদেশত ধৰা পৰা প্ৰথমজন কৰ’ণা আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে। কৰ’ণাত আক্ৰান্ত যুৱকজনৰ নাম আব্দুল তালুকদাৰ(৩১)। যুৱকজন কৰ’ণা আক্ৰান্ত বুলি ধৰা পৰিছে ICMRৰ পৰীক্ষাত। নিজামুদ্দিনৰ জামাতত অংশ লৈছিল আব্দুল তালুকদাৰে। দিল্লীৰ পৰা পোনে পোনে আহিছিল তিনিচুকীয়া জিলালৈ।
ব্ৰহ্মপুত্ৰ মেইলযোগে উপস্থিত হৈছিল তিনিচুকীয়াত।তাৰ পিছত উইংগাৰেৰে যুৱকজন গৈছিল নামচাইলৈ। উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিন ধৰ্মীয় সভাত ভাগ লোৱা অধিকাংশৰে দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। অসমত ধৰা পৰা কৰ’ণা আক্ৰান্ত ৰোগী প্ৰতিজনেই দিল্লীৰ নিজামুদ্দিন ধৰ্মীয় সভাত অংশ লৈছিল।

ইয়াৰে কিছুমানে এতিয়াও নিজৰ স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ আত্মগোপন কৰি আছে আৰু সেইসকল লোকক অতি শীঘ্ৰে চৰকাৰ-প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে প্ৰতিজন সচেতন লোকৰ লগতে চৰকাৰে।
levitra vs viagra
চিনাক্ত হ'ল অৰুণাচলৰ কৰ'ণা আক্ৰান্ত ৰোগী; নিজামুদ্দিনৰ পৰা পোনে পোনে আহিছিল তিনিচুকীয়ালৈ
Thank you.
Youseful blog. Good post.