দেশত প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ক্ৰমাগত ভাৱে পঞ্চম দিনাও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
পঞ্চম দিনাও অইল মাৰ্কেটিং কোম্পানীসমূহে (HPCL, BPCL, IOC)–এ পেট্ৰ’লৰ মূল্য বঢ়াইছে।
দিল্লীত প্ৰতিলিটাৰ পেট্ৰলত বৃদ্ধি পালে ৬০ পইচাকৈ। এতিয়া পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৭৪টকা হৈছে।
ডিজেলতো বৃদ্ধি পাইছে প্ৰতিলিটাৰত ৬০ পইচা। বৃহস্পতি বাৰ ১১ জুনৰ পুৱাৰে পৰা প্ৰযোজ্য হ’ব এই নতুন নিৰিখ।
বিগত ৫দিনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৭৪টকা আৰু ডিজেলৰ মূল্য ২.৮৩টকা বাঢ়িছে।
মিডিয়া ৰিপ’ৰ্টছৰ মতে, বৰ্তমান দৰত পেট্ৰ’লৰ মূল্য ৫টকালৈকে বঢ়া দেখিবলৈ পোৱা যাব।
গুৱাহাটীত পেট্ৰ’লৰ প্ৰতি লিটাৰত ২২পইচা মূল্যবৃদ্ধি হৈ ৭৯. ৬৫টকা হৈছে।
আনহাতে ডিজেল প্ৰতি লিটাৰত মূল্য ২২পইচা বৃদ্ধি পাই ৭২.৭৬টকা হৈছে।
Photo Credit: Moneycontrol