33 C
Guwahati
Monday, August 3, 2020
  • Home
  • Videos
  • TIMECAST
More

    পশ্চিমবংগঃ ১০০০ কোটি টকা পেকেজৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    ইয়াৰ লগতে ঘূৰ্ণীবতাহত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ ২ লাখ টকা আৰু আহত হোৱা লোকৰ পৰিয়ালৰ বাবে ৫০ হাজাৰ টকাৰ ঘোষণা কৰে

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘূৰ্ণীবতাহ আমফানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। এয়াৰফৰ্চৰ হেলিকপ্তাৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁক সংগ দিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধনকড়ে। তাৰ পিছত নৰেন্দ্ৰ মোদীয়ে মমতা বেনাৰ্জীৰ সৈতে বছীৰহাটত উপস্থিত হৈ সমীক্ষা বৈঠকক বহে।

    সমীক্ষা বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ বাবে এক হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে। ইয়াৰ লগতে ঘূৰ্ণীবতাহত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ ২ লাখ টকা আৰু আহত হোৱা লোকৰ পৰিয়ালৰ বাবে ৫০ হাজাৰ টকাৰ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই দুখৰ সময়খিনিত কেন্দ্ৰ চৰকাৰ পশ্চিমবংগৰ লগত আছে।

    প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে, ”এবছৰ পূৰ্বেও ছাইক্লন আহিছিল আৰু সেই সময়ত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছিল ওড়িশাত। এবছৰৰ পিছত পুনৰ ছাইক্লনে ভাৰতৰ পূব ক্ষেত্ৰক প্ৰভাৱিত কৰে। আটাইতকৈ অধিক প্ৰভাৱিত হৈছে পশ্চিমবংগ। মই সমবেদনা জ্ঞাপন কৰিছো যিসকল লোক এই ঘূৰ্ণীবতাহত প্ৰাণ হেৰুৱাইছে। যিমান সম্ভৱ লোকসকলক সহায় কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি কাম কৰি আছে। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে মই বিমানেৰে পৰিদৰ্শন কৰিছো, তেওঁলোকে মোক বৰ্তমান পৰিস্থিতিৰ বিষয়ে জনাইছে।

    উল্লেখ্য যে এই ভয়াৱহ ঘূৰ্ণীবতাহৰ ফলত ৮০তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে। দেশজুৰি অব্যাহত থকা লকডাউনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮৩ দিনৰ পিছত দিল্লীৰ পৰা বাহিৰলৈ ওলাইছে।

    Photo credit: Twitter(BJP)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Baghjan Blowout: ‘Dummy Run’ Today to Cap & Kill the Well

    Last week the final operation to kill and capping of the well got disrupted when three foreign experts sustained burn injuries while working on controlling the blaze

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    In a letter to Javadekar, Assam Leader of Opposition objects to draft EIA

    The Ministry for Environment, Forest and Climate Change had called for suggestions and objections to the draft by August 10