৬৯ বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোমবাৰৰ নিশাৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তত উত্সাহ-উদ্দীপনাৰে পালন কৰা হ’ল প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন। জন্মদিনৰ দিনটোত গৃহৰাজ্য গুজৰাটতে জন্মদিন পালন কৰিলে, মাতৃৰ সৈতে সময় কটোৱাৰ লগতে একেলগে খালে দুপৰীয়াৰ আহাৰ। আৰ্শীবাদ ল’লে মাতৃৰ। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰদাৰ সৰোবৰ বান্ধত উপস্থিত হৈ নৰ্মদা নদীৰ পূজা অৰ্চনা কৰিলে।

মাতৃ হীৰাৱেনৰ সৈতে গান্ধীনগৰস্থিত ঘৰত গ্ৰহণ কৰিলে আহাৰ। গুজৰাটী দাইল, পুৰন পোলী, ছবজি, আলু-ভেণ্ডিৰ ছবজি, চালাদৰ লগতে খালে বুট-মুগ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃ হীৰাবেনৰ সৈতে প্ৰায় আধা ঘণ্টা সময় কটালে। প্ৰধানমন্ত্ৰী মোদীক অলপ টকাও দিলে। মাতৃক সাক্ষাৎ কৰাৰ পিছত পোনে পোনে ৰাওনা হয় দিল্লীলৈ।
Photo credit: aajtak.intoday.in