সমগ্ৰ বিশ্বকে ত্ৰাসিত কৰিছে কৰ’ণা ভাইৰাছে। ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা।আজি দিনৰ ১১ বজাত ৰেডিঅ’যোগে ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰজুৰি আৰম্ভ হোৱা লকডাউনৰ পাছত মোদীৰ এয়া প্ৰথম মন কি বাত অনুষ্ঠান। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশক বচাবলৈ মোদীয়ে ঘোষণা কৰা লক ডাউনৰ বাবে স্থবিৰ হৈ পৰিছে মানৱ সমাজৰ স্বাভাৱিক জীৱন যাত্ৰা।
তাৰবাবে মোদীয়ে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰি কয়-”মই জানো আপোনালোকে মোক ক্ষমা কৰিব। আমি লক ডাউনৰ সিদ্ধান্ত লোৱাত আপোনালোকৰ অসুবিধা হৈছে বুজি পাইছো,হয়তো ভাবিছে এইজন কেনেকুৱা প্ৰধানমন্ত্ৰী!কিন্তু কৰ’ণাৰ বিৰুদ্ধে জয়ী হ’বলৈ এনেকুৱা সিদ্ধান্ত লোৱাতো জৰুৰী হৈ পৰিছিল আৰু আমি জয়ী হ’মেই। আপোনালোকৰ সহযোগিতা কামনা কৰিলো এই যুদ্ধত জয়ী হ’বৰ বাবে।”
আনহাতে প্ৰধানমন্ত্ৰীয়ে বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’ণাৰ বৰ্তমান পৰিস্থিতিৰ উপৰিও স্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু কৰ’ণাৰ বিৰুদ্ধে ভাৰতে যুঁজ দিয়াৰ সম্পৰ্কে বক্তব্য ৰাখে।
Photo Credit: pravakta.com