Skip to content

বিশ্ব কৰ’ণামুক্ত হ’বলৈ ৰমজানত সকলোকে দোৱা কৰাৰ আহ্ৱান প্ৰধানমন্ত্ৰী মোদীৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
প্ৰশাসনৰ নিয়ম মানি ৰমজান মাহ পালন কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰিলে মাৰাত্মক কৰ’ণা ভাইৰাছে। প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ২৬৯৪৬লৈ। মৃত্যু হৈছে ৮২৪জনৰ। কৰ’ণাক প্ৰতিহত কৰিবলৈ দেশত অব্যাহত আছে লকডাউন।

এতিয়া চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মাহ ৰমজান৷ ৰমজানৰ সময়তে পৃথিৱীৰ মংগল কামনাৰে সকলোকে দোৱা কৰাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰশাসনৰ নিয়ম মানি ৰমজান মাহ পালন কৰাৰ আহ্বান নৰেন্দ্ৰ মোদীৰ৷ ঈদৰ পূৰ্বে বিশ্ব কৰ’ণা মুক্ত হোৱাৰ আশা ৰাখিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷

উল্লেখ্য যে কৰ’ণাৰ বাবে এইবাৰ বিহুকে ধৰি আন উৎসৱো দেশবাসীয়ে পৃথকভাৱে পালন কৰিছে। এইদৰে সকলোকে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

Photo Credit: Tv9bharatvarsh.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp