21 C
Guwahati
Friday, May 14, 2021
More

    অৰ্থব্যৱস্থাৰ চিন্তা নকৰিব, য’ত অধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে; তাত অব্যাহত থাকিব লকডাউন

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠকখনত ক'লে যে ৰাজ্য চৰকাৰে নিজৰ নীতি প্ৰস্তুত কৰক যে কিধৰণে লকডাউন খুলিব পাৰি। ইয়াত ৰেড, গ্ৰীণ আৰু অৰেঞ্জ জনত ৰাজ্যসমূহৰ নিজৰ অঞ্চলসমূহ খুলিব পাৰিব

    কৰ’ণা ভাইৰাছ মহামাৰীৰ সংকটৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিং কৰে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে লকডাউন খোলা সন্দৰ্ভত আলোচান কৰে আৰু ক’লে যে এই সন্দৰ্ভত নীতি প্ৰস্তুত কৰিব লাগিব, ইয়াৰ ওপৰত ৰাজ্য চৰকাৰে বিস্তৃতভাৱে কাম কৰিব লাগিব।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠকখনত ক’লে যে ৰাজ্য চৰকাৰে নিজৰ নীতি প্ৰস্তুত কৰক যে কিধৰণে লকডাউন খুলিব পাৰি। ইয়াত ৰেড, গ্ৰীণ আৰু অৰেঞ্জ জনত ৰাজ্যসমূহৰ নিজৰ অঞ্চলসমূহ খুলিব পাৰিব। যিকেইখন ৰাজ্যত অধিক লোক আক্ৰান্ত হৈছে, সেইসমূহ ৰাজ্যত লকডাউন অব্যাহত থাকিব আৰু যিকেইখন ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা কম সেইসমূহ ৰাজ্যই জিলা অনুসৰি ৰেহাই পাব।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে অৰ্থব্যৱস্থাক লৈ চিন্তা নকৰিব, আমাৰ অৰ্থব্যৱস্থা ভাল। উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলয়ে দেশৰ পৃথক-পৃথক জিলাক জন হিচাপে ভাগ কৰিছে, বৰ্তমান প্ৰায় ১৭০তকৈ অধিক জিলা ৰেড জনত অন্তৰ্ভুক্ত হৈ আছে।

    উল্লেখযোগ্য যে কৰ’ণা ভাইৰাছৰ সংকটৰ বাবে ভাৰতত ৩ মে’লৈ লকডাউনৰ সময়ছোৱা বৃদ্ধি কৰিছিল। ইয়াৰ মাজতে পৰৱৰ্তী ৰণনীতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। ইয়াৰে কেইবাখনো ৰাজ্যৰ ফালৰ পৰা লকডাউন বৃদ্ধি কৰাৰ আহ্বান জনোৱাৰ লগতে লকডাউন আঁতৰোৱাৰো প্ৰস্তাৱ ৰাখে।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক প্ৰায় ৩ ঘণ্টা ধৰি অনুষ্ঠিত হয়।

    Photo credit: PIB

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING