কৰ’ণা ভইৰাছৰ সৈতে সমগ্ৰ বিশ্বৰ সংগ্ৰাম অব্যাহত। এই বিপদৰ সময়ত ভাৰত সমগ্ৰ বিশ্বৰ বাবে উদাহৰণ হৈ পৰিছে। ভাৰতে সঞ্জীৱনী হাইড্ৰক্সীক্লৰ’কুইন(hydroxychloroquine) ঔষধ ৰপ্তানি কৰাত অনুমতি প্ৰদান কৰিছে। ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে Thank You India কৈছিল। আমেৰিকাৰ এই Thank Youৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নিজৰ টুইটাৰত লিখিলে যে, ‘ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প মই আপোনাৰ কথাত সম্পূৰ্ণভাৱে একমত। এইটো সময়ত বন্ধুক ওচৰলৈ লৈ আহে। ভাৰত আৰু আমেৰিকাৰ অংশীদাৰিত্ব পূৰ্বতকৈ শক্তিশালী হৈছে। ভাৰতে COVID-19ৰ বিৰুদ্ধে হোৱা যুঁজত যিমান সম্ভৱ সহায় কৰি যাব। আমি একেলগে যুঁজ দিম আৰু একেলগে জয়ী হম।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডলাল্ড ট্ৰাম্পে কৈছিল যে, ‘বিপদৰ সময়ত বন্ধুবৰ্গৰ মাজত আৰু সহযোগৰ প্ৰয়োজন হয়। হাইড্ৰক্সীক্লৰ’কুইন(hydroxychloroquine) সন্দৰ্ভত সিদ্ধান্ত লোৱা বাবে ভাৰতবাসীক ধন্যবাদ জনাইছো। এই উপকাৰ আমি কেতিয়াও পাহৰিব নোৱাৰো। এই সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ।
Photo credit: PTI