প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছচিয়েল মিডিয়া ত্যাগ কৰা সন্দৰ্ভক লৈ পৰ্দা আঁতৰালে খোদ প্ৰধানমন্ত্ৰী মোদীয়ে। মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলে যে এই মহিলা দিৱসত তেওঁ ছচিয়েল মিডিয়া একাউণ্ট সেইসকল মহিলাৰ নামত সমৰ্পণ কৰিব যিসকল মহিলাৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছে। প্ৰায় ১৬ ঘণ্টাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এই ৰহস্যৰ পৰা আঁতৰালে পৰ্দা আৰু ঘোষণা কৰিলে যে মহিলা দিৱসৰ বাবে চলাই থকা কেম্পেইনত সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব।
This Women's Day, I will give away my social media accounts to women whose life & work inspire us. This will help them ignite motivation in millions.
— Narendra Modi (@narendramodi) March 3, 2020
Are you such a woman or do you know such inspiring women? Share such stories using #SheInspiresUs. pic.twitter.com/CnuvmFAKEu
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দুপৰীয়া টুইট কৰিলে, ‘এই মহিলা দিৱসত, মই নিজৰ ছচিয়েল মিডিয়া একাউণ্ট সেইসকল মহিলাক সমৰ্পণ কৰিম যিসকল মহিলাৰ জীৱন আৰু কাৰ্যই আমাক অনুপ্ৰেৰণা যোগাইছে। ইয়াৰ দ্বাৰা লাখ লাখ লোকক অনুপ্ৰেৰণা যুগুৱাত সহায় কৰিব।’
প্ৰধানমন্ত্ৰী লগতে লিখিলে যে, ‘আপুনি সেইগৰাকী মহিলা নেকি বা এনেকুৱা মহিলাক আপুনি জানে নেকি যিয়ে আপোনাক অনুপ্ৰেৰণা যোগাইছে?’ এনেকুৱা নিজৰ কাহিনী শ্বেয়াৰ কৰক। ইয়াৰ সৈতে হেজটেগ ব্যৱহাৰ কৰক #SheInspiresUs.
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কেম্পেইনৰ আধাৰত কেইবাগৰাকীও চিহ্নিত মহিলাই প্ৰধানমন্ত্ৰী মোদীৰ ছচিয়েল মিডিয়া একাউণ্ট সম্ভালিবৰ বাবে সুযোগ লাভ কৰিব। টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্ট যিকোনো মহিলাই সম্ভালিব আৰু মহিলা দিৱসৰ দিনটো সঞ্চালন কৰিব।
Photo credit: PTI