–
ভাৰতত কৰ’ণা ভাইৰাছ দ্ৰুতগতিত শিপাইছে। এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ৭৭৯ জনকৈ লোকে আৰু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২৬,৪৯লৈ। কৰ’ণা ভাইৰাছৰ বাবে দেশজুৰি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে সকলোৱে। লকডাউন অব্যাহত আছে সমগ্ৰ দেশতে। যথেষ্ট সতৰ্কতা অৱলম্বন কৰাৰ পিছতো কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাই গৈয়ে আছে।
অধিক সুৰক্ষা অৱলম্বন কৰাৰ বাবে প্ৰতিদিনেই জনতাক আহ্বান জনাই আছে দেশৰ প্ৰতিজন সচেতন নাগৰিকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ আজি পুৱা ১১ বজাত দেশবাসীক সম্বোধন কৰিব।
বৈশ্বিক মহামাৰী কৰ’ণা ভাইৰাছৰ বৰ্দ্ধিত প্ৰকোপৰ সন্দৰ্ভত দেশবাসীৰ সৈতে কিছু গুৰুত্বপূৰ্ণ কথা আৰু লকডাউনৰ সন্দৰ্ভত ৰেডিঅ’ৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে ক’ব মোদীয়ে।এয়া মোদীৰ ‘মন কী বাত’ৰ ৬৪সংখ্যক অনুষ্ঠান। কৰ’ণা আৰু লকডাউনকলৈ মোদীয়ে পুনৰ কৰিব পাৰে গুৰুত্বপূৰ্ণ ঘোষণা।
Photo Credit: ThePrint