সমগ্ৰ দেশতে এতিয়া মাথো কৰ’ণা ভাইৰাছৰ আতংক।এই পৰ্যন্ত দেশত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৫ হাজাৰৰো অধিক লোক।মৃত্যুক আঁকোৱালি ল’লে ১৯৯ জনে। ১৪ এপ্ৰিলত অন্ত পৰিব দেশত জাৰি কৰা ২১ দিনীয়া লক ডাউন। লক ডাউন চলি আছে যদিও কমা নাই কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। গতিকে দেশৰ পৰিস্থিতিলৈ চাই লক ডাউনৰ সময়সীমা বৃদ্ধি কৰিবলৈ বহুতে আহ্বান জনাইছে। কাইলৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
উক্ত বৈঠকতে ল’ক ডাউনৰ সময় সীমা বৃদ্ধি কৰা হ’বনে নহয় তাক লৈ চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব বুলি জানিব পৰা গৈছে। উৰিষ্যা, পঞ্জাৱে ইতিমধ্যে বৃদ্ধি কৰিছে লক ডাউনৰ সীমা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকতো প্ৰায় ৰাজনৈতিক নেতাসকলে কৰ’ণা ভাইৰাছৰ ভয়াৱহতালৈ চাই লক ডাউনৰ সময় সীমা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছিল। লক ডাউনৰ ফলত দেশৰ অৰ্থনীতি ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে সেই দিশলৈ লক্ষ্য ৰাখি কিছু কিছু ক্ষেত্ৰত লক ডাউন শিথিল কৰাৰ সম্ভাৱনা আছে।
Photo Credit: orfonline.org