ৰক্ষক সকলকেই শত্ৰুজ্ঞান বহু লোকৰ। কৰ’ণা ভাইৰাছ যেন এই সকল ৰক্ষকৰ বাবেহে হ’ব তেনে এক জ্ঞান এই সকল আক্ৰমণকাৰীৰ। সেইয়ে আৰক্ষী আৰু স্বাস্থ্য কৰ্মীক শিল-ইটা দলিয়ালে বহু পুৰুষ-মহিলাই।
ইন্দোৰৰ পিছত এইবাৰ এই নিৰ্লজ কাণ্ড সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ মোৰাদাবাদত। স্বাস্থ্যকৰ্মী আৰু আৰক্ষীক আক্ৰমণ একাংশ অজ্ঞানী লোকৰ। কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা এজনৰ ঘৰলৈ যাওতে এইদৰে আক্ৰমণ কৰে আৰক্ষী-স্বাস্থ্য কৰ্মীক।
জানিবলৈ পোৱা অনুসৰি কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ ঘৰলৈ গৈছিল প্ৰশাসনৰ হৈ আৰক্ষী আৰু স্বাস্থ্য কৰ্মী। তাৰ পিছতে মৃত লোকজনৰ পৰিয়ালৰ সদস্যসকলক কোৱাৰাণ্টাইনত থাকিবলৈ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে।
এই নিৰ্দেশৰ পিছতেই কাৰ্যকৰী কৰাৰ বাবে অঞ্চলটোত উপস্থিত হৈছিল স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ দল। লোকজনৰ ঘৰত উপস্থিত হোৱাৰ সময়তে স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ দলটোক আক্ৰমণ।
শিল-ইটাৰে আক্ৰমণ কৰে একাংশ স্থানীয় লোকে। এই আক্ৰমণৰ ঘটনাত আহত হয় ৫জনকৈ লোক। এই আক্ৰমণত আৰক্ষীৰ বাহন আৰু এম্বুলেঞ্চৰো ক্ষতি সাধন হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ১৪গৰাকী মহিলাসহ আটক কৰে ৩০ জন আক্ৰমণকাৰীক।
Photo Credit: Hindustan Times