চৰকাৰলৈ তেজেৰে চিঠি লিখি বিপদত ৰূপজ্যোতি কুৰ্মী। অসমৰ কেইবাটাও উদ্যোগৰ ভৱিষ্যত সুনিশ্চিতকৰণৰ দাবীত চৰকাৰলৈ তেজেৰে চিঠি লিখি মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে আঁৰিছিল বিধানসভাৰ চৌহদত।
এই সম্পৰ্কত অচিৰেই বিধানসভাৰ অধ্যক্ষৰ লগত যোগাযোগ কৰিব গুৱাহাটী আৰক্ষীয়ে। প্ৰয়োজনত বিধায়ক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি Time8ক জনালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।