২১ অক্টোবৰত অসমৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ল ভোটগ্ৰহণ। সদ্য সমাপ্ত উপ-নিৰ্বাচনত এই গৰাকী অসম আৰক্ষীৰ কনিষ্টবল নিয়োজিত হৈ আছিল ৰাতাবাৰী সমষ্টিৰ দুৰ্লভছড়া হিন্দী হাইস্কুল ভোটকেন্দ্ৰত৷ ভোটগ্ৰহণৰ পিছত ভোটগণনাৰ পূৰ্বে ফলাফল দিলে এই কনিষ্টবলজনে।
‘ৰাতাবাৰীত বিজেপিৰ জয় নিশ্চিত, আনকি বিজেপিয়ে উক্ত কেন্দ্ৰটোত কিমান ভোট পাব সেয়াও ক’লে আৰক্ষীৰ কনিষ্টবলজনে৷’- কনিষ্টবলজনৰ সকলো কথা বন্দী হৈ ৰ’ল গোপন কেমেৰাত। বিজেপিক ভোট দিবলৈ সহায় কৰিছিল কৰ্তব্যত নিয়োজিত এইজন আৰক্ষীয়ে। আৰু কি কি ক’লে কনিষ্টবলজনে। শুনক কনিষ্টবলজনৰ মুখেৰে…