বিশ্বনাথ চাৰিআলিত প্ৰতিবাদকাৰীৰ হাতত আহত আৰক্ষী জোৱান কৃষ্ণ কাকতি। উত্তাল প্ৰতিবাদৰ মাজতে আৰম্ভ হয় আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত। এই সংঘাতত গুৰুতৰভাৱে আহত হয় এইগৰাকী আৰক্ষী জোৱান। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলী চলাবলৈ বাধ্য হয়।
আহত আৰক্ষী জোৱান জনক ইতিমধ্যে ভৰ্তি কৰাইছে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত। প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে।
বৰ্তমানেও অব্যাহত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছৰে পৰা প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য।