পলিটেকনিক ছাত্ৰৰ পৰীক্ষা বৰ্জন; ক্ষতি হব পাৰে পলিটেকনিক ছাত্ৰ জীৱনৰ এটা বছৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদত বহিল ৰাজ্যৰ প্ৰতিখন প'লিটেকনিকৰ ছাত্ৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo:Time8
Photo:Time8

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প’লিটেকনিক ছাত্ৰৰ অভিনৱ প্ৰতিবাদ৷ পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদত বহিল ৰাজ্যৰ প্ৰতিখন প’লিটেকনিকৰ ছাত্ৰ৷ তেজপুৰ পলিটেক্‌নিকৰ ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষা বৰ্জন কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কৰিমগঞ্জতো পলিটেক্‌নিকৰ ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষা বৰ্জন কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে বৰপেটা পলিটেকনিক ইন্সটিটিউটৰো মুঠ ৫৪০ গৰাকী ছাত্ৰই পৰীক্ষা বৰ্জন কৰি দাবী জনালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ৷ আজি ৰাজ্যখনৰ অন্নান্য পলিটেকনিক ইন্সটিটিউটৰ লগতে বৰপেটা প’লিটেকনিক ইন্সটিটিউট পাঠ্যক্ৰমৰ আছিল প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষা৷

পিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পৰীক্ষা বৰ্জন কৰি ছাত্ৰ ছাত্ৰীসকল বহিল প্ৰতিবাদত৷ ফলত এটা বছৰ ক্ষতি হব পাৰে ছাত্ৰজীৱনৰ৷ বৰপেটা প’লিটেকনিকৰ ছাত্ৰ একতা সভাৰ সম্পাদকে জনোৱা মতে সমগ্ৰ ৰাজ্যৰ ২১ খন প’লিটেকনিকৰ ছাত্ৰই বৰ্জন কৰিছে পৰীক্ষা৷ আনহাতে জাতিতকৈ পৰীক্ষা ডাঙৰ নহয় বুলিও মন্তব্য কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে ইয়াতকৈয়ো ভয়াৱহ সিদ্ধান্ত লবলৈ সাজু আছে বুলি ঘোষনা কৰে পলিটেকনিক ছাত্ৰ ছাত্ৰীসকলে৷

Related Post