প্রযুক্তিয়ে মানুহক কৰ পৰা ক’লৈ লৈ যায়। ইয়াৰ শক্তি কিমান দেখিলেহে বিস্বাস কৰিব পৰা যায়। এই প্ৰযুক্তি তথা ছচিয়েল মিডিয়াই বৰ্তমানে মানুহক অধিক ওচৰ চপাই আনিছে। সৰু কৰি পেলাইছে বিশ্ব লগতে মানুহৰ যোগাযোগৰ গতিও বৃদ্ধি কৰিছে।
কৰ’ণা ভাইৰাছৰ ফলত সমগ্ৰ দেশতেই লকডাউন হৈ থকাৰ সময়তে এটা মাত্ৰ সাধাৰণ টুইটাৰে কৰি পেলাইছে অসাধাৰণ কাম। কৰ্মসূত্ৰে অসমত আৱদ্ধ হৈ পৰা বিহাৰৰ এজন যুৱক যিয়ে কেৱল এদিনত এসাঁজ খাই কেইবাটাও দিন পাৰ কৰিছিল। সেই যুৱকৰ ওচৰ চপাত অসম আৰক্ষীক সহায় কৰিছে এটা টুইটাৰে।

‘দা উইক’ত কাম কৰা সাংবাদিক পুজা অৱস্থিয়ে এদিন মহম্মদ ফৰাজ নামৰ এজন ব্যক্তিৰ পৰা এটা ফোন কল লাভ কৰিছিল। যি জন যুৱক বিহাৰৰ চম্পাৰণ জিলাৰ বাসিন্দা। সাংবাদিকগৰাকীয়ে এই ফৰাজ নামৰ যুৱকজনক লগ পাইছিলে লক্ষ্ণৌত। যেতিয়া লকডাউনৰ বাবে ফৰাজে ঘৰলৈ উভতিবৰ বাবে উপায় বিচাৰি আছিল।
৪ এপ্ৰিল ২০২০ত সেই ফৰাজে অসমত আৱদ্ধ হৈ পৰা তেওঁৰ ভাতৃক সহায়ৰ বাবে সাংবাদিকগৰাকীৰ ওচৰত সহায়ৰ বাবে আহ্বান জনাইছিল। ফৰাজে কোৱা অনুসৰি বিগত কেইবাদিনো ধৰি ভাতৃ ৰহিমুল্লাই খাদ্য খাবলৈ পোৱা নাই। লগেত কাৰো পৰা কোনো ধৰণৰ সহায়ো লাভ কৰা নাই।
অসমৰ হোজাই জিলাত লকডাউনৰ বাবে আৱদ্ধ হৈ পৰা ৰহিমুল্লাৰ লগতে আছিল আৰু অন্য কেইবাজনো লোক। যিয়ে বহুদিন ধৰি ভালদৰে খাবলৈ পোৱা নাছিল। সেয়ে সাংবাদিকগৰাকীয়ে এই বিষয়ে প্ৰথমে যোগাযোগ কৰিছিল ক’ভিড১৯ কণ্ট্ৰল ৰুমত।
এটা টুইটৰ জৰিয়তে জনাইছিল হোজাইত আৱদ্ধ হৈ থকা লোককেইজনৰ বিষয়ে। লগতে ৰহিমুল্লাৰ যোগাযোগৰ ঠিকনাসহ আন এটা টুইট কৰিছিল ৰাষ্ট্ৰীয় দুর্যোগ প্রতিক্রিয়া বাহিনী(NDRF)ক টেগ কৰি। এই টুইটটোৰ পিছতে লগে লগে প্ৰতিউত্তৰ লাভ কৰিছিল লক্ষ্ণৈৰ ‘উত্তৰ প্ৰদেশ নিয়োগ আৰু পদোন্নতি বৰ্ড’ৰ অতিৰিক্ত মহানিৰ্দেশক ৰেণুকা মিশ্ৰৰ পৰা।
ৰেণুকা মিশ্ৰই এন ডি আৰ এফৰ মহাপৰিচালক সত্য নাৰায়ণ প্রধানৰ সৈতে যোগাযোগ কৰে আৰু মহাপৰিচালকগৰাকীয়ে যোগাযোগ কৰে অসমৰ এ ডি জি পি (আইন আৰু শৃঙ্খলা) জি পি সিঙৰ সৈতে।
জি পি সিঙে এই সমন্ধে জানিব পাৰি তাৎক্ষণিক ব্যৱ্স্থা গ্ৰহণ কৰে। হোজাইত আৱদ্ধ হৈ থকা ৰহিমুল্লা আৰু তেওঁৰ সংগীসকলক খাদ্যৰ যোগান ধৰে। লগতে এই সম্বন্ধে টুইটাৰত ফটো আপলোড কৰি খাদ্য যোগানৰ কথা উল্লেখ কৰে।
Photo Credit: Twitter
chloroquine price in india
টুইটাৰৰ শক্তি, অসমত আৱদ্ধ প্ৰবাসী লোকক সহায়ৰ বাবে অসম আৰক্ষীক উপস্থিত হোৱাত সহায়
how long does viagra last
টুইটাৰৰ শক্তি, অসমত আৱদ্ধ প্ৰবাসী লোকক সহায়ৰ বাবে অসম আৰক্ষীক উপস্থিত হোৱাত সহায়
buy asthma inhalers without an rx
টুইটাৰৰ শক্তি, অসমত আৱদ্ধ প্ৰবাসী লোকক সহায়ৰ বাবে অসম আৰক্ষীক উপস্থিত হোৱাত সহায়
Thank you.
Youseful blog. Good post.