19 C
Guwahati
Thursday, February 27, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম ২০০১ চনত ৰাইজে আমাক আদৰি লোৱা হ'লে 'কা'ক কলিতে মোহাৰি পেলালোহেঁতেনঃ প্ৰফুল্ল...

    ২০০১ চনত ৰাইজে আমাক আদৰি লোৱা হ’লে ‘কা’ক কলিতে মোহাৰি পেলালোহেঁতেনঃ প্ৰফুল্ল মহন্ত

    বৰ্তমানৰ অগপ দলৰ নেতৃত্বক পোনপটীয়াকৈ সমালোচনা নকৰিলেও অগপ দলক নতুনকৈ গঢ় দিয়াৰ ইংগিত দিয়ে মহন্তই

    শিৱসাগৰ বিধানসভা সমষ্টিৰ সদ্যপ্ৰয়াত বিধায়ক প্ৰণৱ গগৈৰ শ্ৰাদ্ধত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। আজি শিৱসাগৰ নগৰৰ ৰেডক্ৰছ ৰোডৰ বাসভৱনত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰয়াত কংগ্ৰেছ নেতাগৰাকীক।আনহাতে শিৱসাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিজৰ স্থিতি মুকলি কৰি কয় যে এই আইন অসংবিধানিক। আইনৰ 6A স্থানান্তৰ নকৰাকৈ 6B প্ৰয়োগ কৰিব নোৱাৰে। অসম চুক্তিক অমান্য কৰা এই আইনৰ বিৰুদ্ধে অসমৰ জনগণ একত্ৰ হব লাগে।

    IMDT আইন আমি বিৰোধ কৰিছিলো। IMDTআইন থকাৰ বাবে অসম চুক্তি ৰূপায়ণত অসুবিধা হৈছিল। অসম চুক্তি ৰূপায়ণৰ ন’ডেল এজেঞ্চি কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ বাবে চুক্তি ৰূপায়ণ সম্ভৱ হোৱা নাই। এতিয়া CAAৰ ফলত অসমৰ পৰিস্থিতি অধিক ভয়াবহ হ’ব।ৰাইজে সমস্বৰে বিৰোধ কৰিব লাগে।

    বৰ্তমান চৰকাৰৰ অংশীদাৰ অগপ দলৰ মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত আদিৰ লগতে ফণীভূষণ চৌধুৰী আদিৰ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত লোৱা স্থিতিক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সেয়া ৰাইজে বিচাৰ কৰিব। ২০০১ চনত ৰাইজে আমাক আদৰি লোৱা হ’লে এনে পৰিস্থিতিৰ সৃষ্টি নহ’ল হয়। আমি এনে আইন কলিতে মোহাৰি দিলো হয়। বৰ্তমানৰ অগপ দলৰ নেতৃত্বক পোনপটীয়াকৈ সমালোচনা নকৰিলে যদিও অগপ দলক নতুনকৈ গঢ় দিয়াৰ ইংগিত দিয়ে মহন্তই।

    সেইদৰে সৰ্বানন্দ সোণোৱাল অসম আন্দোলনৰ সৈতে জড়িত আছিল নে নাই সেই সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনে ডিব্ৰুগড়ৰ ডনবস্ক বিদ্যালয়ত পঢ়িছিল খবৰ লওক। ডিব্ৰুগড়ৰ মানুহে জানে। আগন্তুক নিৰ্বাচনত অগপ দলে নতুন ৰূপত আত্মপ্ৰকাশ কৰি ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হ’ব বুলিও আওপকীয়াকৈ উল্লেখ কৰে প্ৰফুল্ল কুমাৰ মহন্তই।

    Photo Credit:@sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING