দেশৰ প্ৰতিৰক্ষা সমিতিৰ বাবে মনোনীত হৈছে বিজেপি সাংসদ তথা মালেগাঁও বিস্ফোৰণৰ অন্যতম অভিযুক্ত সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰ। ৰাজনাথ সিঙৰ অধ্যক্ষতাত হোৱা এই কমিটিখনত মনোনীত হোৱা সাংসদগৰাকীৰ নামে সকলোকে আচৰিত কৰি তুলিছে। বিজেপিয়ে এই সিদ্ধান্তৰে দেশৰ প্ৰতিৰক্ষা বাহিনীক অপমান কৰা বুলি দাবী তুলিছে কংগ্ৰেছে।
কংগ্ৰেছ পাৰ্টীয়ে টুইটাৰ একাউন্ট যোগে জনাইছে যে, সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আৰু ধৰ্মান্ধ এগৰাকীক দেশৰ সুৰক্ষাৰ সৈতে কিদৰে জড়িত কৰিব পাৰে৷ ই দেশৰ সুৰক্ষা বাহিনীৰ লগতে দেশৰ প্ৰতিজন নাগৰিককে কৰা চৰম অপমান।
২০০৮ চনৰ মালেগাঁও বিস্ফোৰণৰ অন্যতম অভিযুক্ত সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰৰ স্বাস্থ্য সম্বন্ধিত কাৰণৰ বাবে সদ্যহতে জামিন মঞ্জুৰ কৰা হৈছিল। অপ্ৰত্যাশিত ক্ৰিয়াকলাপ আইন, ভাৰতীয় দণ্ডবিধি আইন, সশস্ত্ৰ আইন আৰু লগতে বিস্ফোৰক পদাৰ্থ অধিনিয়মৰ দৰে কেইবাটাও আইনৰ আওঁতালৈ নি জেৰা কৰা হৈছিল সাধ্বী প্ৰজ্ঞা ঠাকুৰক।
প্ৰজ্ঞা ঠাকুৰে কংগ্ৰেছ মুখপাত্ৰ দ্বিগবিজয় সিঙক প্ৰায় ৩.৬ লাখ ভোটৰ ব্যৱধানত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত পৰাজিত কৰি মধ্যপ্ৰদেশ ভূপালৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।