Skip to content

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ সংঘৰ্ষ, ৯জন নিহত

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
কণ্টেনাৰ আৰু স্কৰপিঅ'ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এলেকাটোত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে। স্কৰপিঅ'ৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। লক্ষ্ণৌ-বাৰাণসী হাইৱেত এখন কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত ৯জন লোকে প্ৰাণ হেৰুৱাই।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৫টা মৃতদেহ উদ্ধাৰ কৰা হয়, আনহাতে ৪জন যাত্ৰীৰ মৃতদেহ স্কৰপিঅ’খন কাটি উলিওৱা হয়।

শুকুৰবাৰে সংঘটিত হোৱা এই দুৰ্টনাত এজন লোক গুৰুতৰভাৱে আহত হয়।

আহত লোকজনক চিকিত্সাৰ বাবে ৰায়বেৰেলীলৈ প্ৰেৰণ কৰা হয়। মৃতকৰ পৰিয়ালৰ সৈতে আৰক্ষীয়ে যোগাযোগ ৰাখিছে।

দুৰ্ঘটনাটোত নিহত হোৱা লোকসকলৰ পৰিয়ালৰ লোকসকল ভোজপুৰৰ পৰা প্ৰতাপগড়লৈ ৰাওনা হৈছে।

দৰাচলতে স্কৰপিঅ’খনত যাত্ৰা কৰি ৰাজস্থানৰ পৰা বিহাৰৰ ভোজপুৰলৈ গৈ আছিল। এই দুৰ্ঘটনাটো নৱাবগঞ্জ থানাৰ বাজিদপুৰত সংঘটিত হৈছে।

কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এলেকাটোত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে। স্কৰপিঅ’ৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চালকৰ ছীটৰ চিন-চাপ নোহোৱা হৈ যায়।

SPয়ে ক’লে যে ৰাজস্থানৰ পৰা বিহাৰৰ ভোজপুৰৰ এক সমাৰোহত অংশগ্ৰহণৰ বাবে গৈ আছিল যাত্ৰীসকল। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে ঘটনাস্থলীত বৃহৎ সংখ্যক স্থানীয় বিষয়া উপস্থিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp