প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ কাৰণে মনোনীত কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰঞ্জন গগৈয়ে অযোধ্যাৰ ৰাম মন্দিৰ সহ বহুকেইটা গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান প্ৰদান কৰিছিল।
ৰঞ্জন গগৈ ২০১৮ বৰ্ষৰ ৩ অক্টোবৰৰ পৰা ২০১৯ বৰ্ষৰ ১৬ নৱেম্বৰৰ লৈকে মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত আছিল ৰঞ্জন গগৈ।
তেওঁ আছিল ভাৰতৰ ৪৬সংখ্যক মুখ্য ন্যায়াধীশ। উল্লেখ্য যে ৯ নৱেম্বৰত ৰাম মন্দিৰৰ ঐতিহাসিক ৰায় প্ৰদানেৰে ৰঞ্জন গগৈৰ নিৰ্ভীক সাহসকিতা দেশজুৰি প্ৰশংসিত হৈছিল।
Photo Credit: Navjivan