Skip to content

এফালে কৰ’ণা সংক্ৰমণৰৰ ভয় আনফালে লকডাউন, কিদৰে চলিছে যৌনকৰ্মীয়ে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

অতি সহজে ইজন মানুহৰ পৰা সিজন মানুহৰ শৰীৰলৈ বিয়পি পৰা মহামাৰী তথা নৰসংহাৰী কৰ’ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বতে এতিয়া নিয়ম চলিছে সামাজিক দূৰত্বৰ। তাতে আৰু অধিক সুৰক্ষা বাবে বিগত দুটা মাহে দেশত লকডাউন। এই সময়ছোৱাত দেশৰ বহু লোকৰেই এবেলা এমুঠিয়ে খাবলৈ নহোৱা হৈ পৰিছে।

তেনে ক্ষেত্ৰত দেশৰ যৌন কৰ্মী সকলে কিদৰে চলিছে। কিদৰে নিজৰ পেট প্ৰৱৰ্তাইছে এই সকল কৰ্মীয়ে। লকডাউন বাবেও গ্ৰাহক নাই লগতে ভাইৰাছ সংক্ৰমণ নহ’বৰ বাবে মানি চলা সামাজিক দূৰত্বৰ বাবেও নাই গ্ৰাহক। ইফালে জমা ধনৰো তলী উদং। খাব কি?

ভাৰতৰ দৰে এখন দেশত য’ত যৌনকৰ্মীক ঘৃণাৰ চকুৰে চোৱা হয়, সকলোতে কেৱল লেই লেই চেই চেই। আনকি নিজৰ পৰিয়ালৰ লোকেই পুনৰ আপোন কৰি লবলৈ টান পায়। তেনে এখন দেশত সেই সকল মহিলাই অন্য কি মাধ্যমেৰে টকা ঘটে আৰু ভোক নিবাৰণ কৰে।

এই সমস্যা এতিয়া কেৱল ভাৰতেত নহয়। বিশ্বৰ সকলো প্ৰান্ততে দেখা দিছে। সেয়া লাগিলে বিশ্বৰ সকলোতকৈ বৃহৎ ৰেডলাইট এৰিয়া বাংলাদেশৰ দৌলতদিয়াই হওঁক বা এচিয়াৰ সকলোতকৈ ডাঙৰ ৰেডলাইট জিলা কলকাতাৰ ছোনাগাচীয়েই হওঁক।

সেয়ে বিশ্বৰ সকলো চৰকাৰকে, তেওঁলোককো কিছু আৰ্থিকভাৱে সহায়ৰ বাবে অনুৰোধ জনাইছে বাংলাদেশৰ দৌলতদিয়াত থকা এগৰাকী যৌন কৰ্মীয়ে। নাডী নামেৰে বিখ্যাত এইগৰাকী কৰ্মীয়ে অনুৰোধ কৰি কয় যে, সকলো দেশেই নিজ নিজ দেশৰ যৌন কৰ্মী সকলক কিছু সহায় আগনবঢ়ালে কৰ’ণাৰ বাবে নহয় বৰঞ্চ খাবলৈ নাপাই হে তিল তিল মৃত্যুৰ দিশে আগাবাঢ়িব।

Photo Credit: Hindustan Times

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp