CAAৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ অব্যাহত, দিল্লীত লাঠিচাৰ্জ আৰু পানীহিলৈৰ ব্যৱহাৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
তথ্য অনুসৰি দিল্লীৰ দৰিয়াগঞ্জ এলেকাত বাহনত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

দেশজুৰি অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ মাজতে উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি চলালে গুলী। ইফালে সন্ধিয়া দিল্লীত প্ৰতিবাদে লৈ তীব্ৰ ৰূপ আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰীক ৰুধিবলৈ ব্যৱহাৰ কৰে পানীহিলৈ। লগতে প্ৰতিবাদকাৰীৰ ওপৰত চলাই লাঠি।

তথ্য অনুসৰি দিল্লীৰ দৰিয়াগঞ্জ এলেকাত বাহনত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়। দিল্লী গেটৰ সন্মুখতো গাড়ীসমূহত অগ্নিসংযোগ কৰে। কেইবাটাও স্থানত শিলগুটি নিক্ষেপ কৰা হয়। আনহাতে কেইবাজনো প্ৰতিবাদকাৰীয়ে গুলী চলাই সেই স্থানৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত কোনোধৰণৰ নিশ্চয়তা প্ৰদান কৰা নাই। উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰাই লালকিল্লাৰ সমীপত CRPCৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে। আৰক্ষীয়ে আইনী ব্যৱস্থাত নজৰ ৰাখিবলৈ ড্ৰোণৰ ব্যৱহাৰ কৰিছে। শুকুৰবাৰৰ দিনটোতো কেইবাখনো মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়া হৈছে।

Photo credit: indianexpress.com

Related Post