বৰপেটাৰ চেঙাত কেৰেপ কৰা নাই ১৪৪ ধাৰা; প্ৰতিবাদত উত্তাল বৰপেটা

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
যদি কেব বাতিল নহয় তেতিয়া ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি চেঙা আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক সকিয়নী প্ৰদান কৰে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo: Time8

বৰপেটা জিলাত ১৪৪ ধাৰা চলি থকাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ পৰে বৰপেটাৰ চেঙা। চেঙা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চেঙা বজাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে কেবৰ প্ৰতিলিপি দাহ কৰে।

Time8

যদি কেব বাতিল নহয় তেতিয়া ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি চেঙা আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক সকিয়নী প্ৰদান কৰে। আনহাতে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চেঙা বেচিক বজাৰৰ পৰা চেঙা বজাৰলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জোঁৰ সমদল উলিয়াই চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আজিৰ এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক সকিয়নী প্ৰদান কৰে। ভৱিষ্যতে ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলিও উল্লেখ কৰে কৃষক মুক্তিৰ নেতাই।

Related Post