30 C
Guwahati
Wednesday, June 23, 2021
More

    সমগ্ৰ বিশ্বত জৰুৰীকালীন অৱস্থা ঘোষণা, ২১৩ লৈ বৃদ্ধি মহামাৰী কৰ’ণাৰ সংহাৰ

    গুৱাহাটী মেডিকেল কলেজ হাস্পতালতো পৃথক ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে

    সমগ্ৰ বিশ্বত জৰুৰীকালীন অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ। মহামাৰী কৰ’ণা ভাইৰাছে ধাৰণ কৰিছে সংহাৰী ৰূপ। বৰ্তমানলৈ এই ভাইৰাছত মৃতকত সংখ্যা বৃদ্ধি পাইছে ২১৩লৈ। কৰ’ণাৰ সংহাৰৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষণা।

    কৰ’ণাৰ ভাইৰাছ পোৱা গৈছে বিশ্বৰ ১৭খন ৰাষ্ট্ৰত। প্ৰতিখন ৰাষ্ট্ৰকে বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থায়ে। চীনৰ পিছতে ভাৰততো ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ বিধ। ভাৰতৰ বাহিৰেও নেপাল, তিব্বত, কম্বোদিয়া, শ্ৰীলংকা আদিতো ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি।

    অসমতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ। ৰাজ্যৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰ লোকপ্ৰীয় গোপীনাথ বৰদলৈ বিমান বন্দৰত বিদেশ ফেৰৎ যাত্ৰীৰ স্বাস্থ্যৰ ওপৰত ৰখা হৈছে কাঢ়া নজৰ। ইয়াৰ বাবে এটা সদা সতৰ্ক চিকিৎসকৰ দল আৰু বিমান বন্দৰৰ বাহিৰত দুখন এম্বুলেন্স মজুত ৰখা হৈছে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালতো বিশেষকৈ পৃথক ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING