পঞ্জাৱত কাৰ্ফিউ আৰু দুসপ্তাহলৈ বৃদ্ধি কৰা হৈছে। কাৰ্ফিউৰ সময়ত পুৱা ৭ বজাৰ পৰা ১১ বজাৰ মাজত ৪ ঘণ্টাৰ বাবে ৰেহাই দিয়া হ’ব। এই কথা জনালে কেপ্টেইন অমৰিন্দৰ সিঙে। ৰাইজক সম্বোধন জনাই এই কথা জনায়। দোকানসমূহ আৰু উদ্যোগ খোলা থাকিব যদিও মুখ্যমন্ত্ৰীয়ে ক’লে যে সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰয়োজন, কৰ’ণা ভাইৰাছৰ পৰিস্থিতিৰ চাইহে কাৰ্ফিউৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
ইয়াৰ পূৰ্বে পঞ্জাৱ চৰকাৰে ৩ মে’লৈ গম ক্ৰয় কৰা অনুমতি প্ৰদান কৰাৰ বাহিৰে কোনোধৰণৰ ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল। মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কৰ’ণা ভাইৰাছ মহামাৰীৰ কাৰণ সৃষ্টি হোৱা পৰিস্থিতিক লৈ প্ৰশাসন আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰি বৰ্তমানৰ পৰিস্থিতি চাই এই ঘোষণা কৰিছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে সন্ধিয়া কৈছিল যে ৩ মে’লৈ কোনোধৰণৰ ৰেহাই প্ৰদান কৰা নহ’ব। কেৱল গম ক্ৰয় কৰাৰহে অনুমতি প্ৰদান কৰিছিল। এই সিদ্ধান্তৰ সৈতে ২০ এপ্ৰিলৰ পৰা দিয়া সকলো ৰেহাই উঠাই লোৱা হৈছিল।
Photo credit: nationalheraldindia.com