22 C
Guwahati
Saturday, April 17, 2021
More

    মোদী চৰকাৰক লক্ষ্য কৰি ৰাহুল গান্ধীৰ আক্ৰমণ, ক’লে- ‘লকডাউন বিফল, ইয়াৰ পিছত কি?’

    ৰাহুল গান্ধীয়ে ক'লে, 'যি হ'বলগীয়া আছিল সেয়া নহ'ল। দেশবাসীয়ে জনাটো উচিত যে তেওঁৰ পৰৱৰ্তী ৰণনীতি কি হ'ব

    বৰ্তমান ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা সন্দৰ্ভত মোদী চৰকাৰক লক্ষ্য কৰি আক্ৰমণ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে সংবাদমেলযোগে ক’লে যে লকডাউনৰ আটাইকেইটা পৰ্যায় বিফল হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ২১ দিনৰ বাবে লকডাউনৰ ঘোষণা কৰে কিন্তু ইয়াৰ পৰা কোনোধৰণৰ লাভ নহ’ল। প্ৰধানমন্ত্ৰী মোদীয়ে ক”ব লাগে যে তেওঁৰ পৰৱৰ্তী ৰণনীতি কি হ’ব।

    ৰাহুল গান্ধীয়ে ক’লে, ‘যি হ’বলগীয়া আছিল সেয়া নহ’ল। দেশবাসীয়ে জনাটো উচিত যে তেওঁৰ পৰৱৰ্তী ৰণনীতি কি হ’ব। লকডাউন জাৰি কৰা প্ৰায় ৬০ দিন সম্পূৰ্ণ হ’ল। কিন্তু এই মহামাৰীৰ হ্ৰাস হোৱাৰ বিপৰীতে বৃদ্ধিহে হৈ গৈ আছে। তেওঁ ক’লে,‘প্ৰৱাসী শ্ৰমিকসকল সমস্যাত ভুগিছে। চৰকাৰে তেওঁলোকৰ সমস্যা কেনেদৰে আঁতৰাব।

    ৰাহুল গান্ধীয়ে ক’লে যে আমাৰ কাম চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা। মই ফেব্ৰুৱাৰী মাহতে কৈছিলো যে পৰিস্থিতি আৰু বিপদজনক হ’ব। মোদী চৰকাৰে বিৰোধীক গুৰুত্ব প্ৰদান নকৰে, সাংবাদিকে সোধা প্ৰশ্নত এই মন্তব্য ৰাহুল গান্ধীৰ। অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত চৰকাৰে বহু কাম কৰাটো আৱশ্যক। চাকৰিৰ সন্দৰ্ভতো মন্তব্য ৰাহুল গান্ধীৰ। চৰকাৰে ৰাইজৰ বাবে টকা দিয়াটো উচিত, চৰকাৰে প্ৰায় ৫০ শতাংশ দৰিদ্ৰৰ একাউণ্টত ৭৫০০টকাকৈ প্ৰদান কৰক।

    ৰাহুল গান্ধীয়ে ক’লে, পেকেজক লৈ কেইবাখনো সংবাদমেল অনুষ্ঠিত হৈছে, আমি বহুত আশা কৰিছিলো। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে এয়া GDPৰ ১০% হ’ব। কিন্তু বাস্তৱত এয়া GDPৰ ১%তকৈও কম আৰু তাতো প্ৰায়ভাগেই লোন, নগদ নহয়। শ্ৰমিকসকলক MSMEs সহায় কেনেকৈ কৰিব? এয়া ৰাজনীতি নহয় বৰঞ্চ মোৰ চিন্তাহে। ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈয়ে আছে আৰু ইয়াৰ বাবে এই প্ৰশ্ন উত্থাপন কৰিছো।

    Photo credit: jagran.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Section 144 clamped in Shillong; Shops and Markets to remain close on Sundays

    After Assam, the East Khasi Hills district in Meghalaya has imposed some restrictions amid the COVID 19 scare in the state

    ‘Bohag Bihu’ 2021: April 15 declared as closed holiday for Central Govt Employees in Assam

    Central Government Employees Welfare Coordination Committee held a meeting earlier on December 9, 2020, and decided to remove ‘Bohag Bihu’ from the list of holidays for the year 2021

    No ‘Bohag Bihu’ holiday for Central Govt employees: Assam Witnesses Protest

    Central government offices in Assam will not get Bohag Bihu holidays this year and will have to apply for a restricted holiday during the Assamese New Year festival

    Assam MP’s nephew passes away; suicide suspected

    Kaushik Oja, also the nephew of Guwahati Lok Sabha MP Queen Oja, allegedly died by suicide in the wee hours of Thursday.

    ‘Ghost’ inside Assam’s Strong Room? CCTV captured ‘Unusual’ activity

    A team of election officials immediately reached the spot and found that there was a shadow-like object seen moving inside the strong room

    EXCLUSIVE: “Merely Causing Civil Disturbance Without Intention To Commit ‘Terrorist Act’ Will Not Be UAPA Offence”: GHC Upholds Akhil Gogoi’s Bail

    The UAPA Act primarily deals with activities directed against the integrity and sovereignty of India

    Revoke SOP or call off Bihu programmes: Assam Bihu Organizers to Assam Govt

    The members of the Bihu committees urged the government departments to take the responsibility of administrating the SOP at the Bihu events