দেশত বৃদ্ধি হোৱা হিংসাত্মক কাৰ্য-কলাপৰ বাবে কেন্দ্ৰ চৰকাৰক দোষী সাব্যস্ত কৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। কেৰেলাত নিজ সংসদীয় সমষ্টি বায়নাডত এই মন্তব্য কৰে সাংসদগৰাকীয়ে। তেওঁ ক’লে যে মানুহে নিজৰ হাতত আইন তুলি লোৱাৰ মূল কাৰণ হ’ল দেশখনক শাসন কৰি থকাজনেই হিংসাপ্ৰেমী। লগতে তেওঁ ক’লে যে বিশ্বজুৰি ভাৰতে কু-কৰ্মৰ ৰাজধানী হিচাপে স্বীকৃতি লাভ কৰিছে।
ৰাহুল গান্ধীয়ে ক’লে যে ‘বিশ্বত ভাৰত কু-কৰ্মৰ ৰাজধানী হিচাপে পৰিচয় লাভ কৰিছে। অন্য দেশে এই প্ৰশ্ন উত্থাপন কৰিছে যে ভাৰত কিয় বিফল হৈছে নিজৰ কন্যা আৰু ভগ্নীসকলক ৰক্ষা কৰিবলৈ। উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কৰ বিৰুদ্ধে মহিলাৰ সৈতে কু-কৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এটা শব্দ উচ্চাৰণ নকৰিলে।’
কংগ্ৰেছ নেতাগৰাকীয়ে ক’লে দেশজুৰি হিংসা বৃদ্ধি হৈছে, অৰাজকতা আৰু মহিলাৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি হৈছে। প্ৰতিদিনে এইধৰণৰ খবৰ পঢ়ো যে মহিলাৰ সৈতে কু-কৰ্ম, নিৰ্যাতন আৰু মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সংখ্যালঘু সমুদায়ৰ বিৰুদ্ধে হিংসা হৈছে, তেওঁলোকৰ বিৰুদ্ধে হিংসা বিয়পোৱা হৈছে। দলিতসকলৰ বিৰুদ্ধে হিংসা হৈ আছে, তেওঁলোকক মাৰপিট কৰা হৈছে, তেওঁলোকৰ হাত কটা হৈছে।