হ’ব পাৰে ইতিহাসৰ ভিতৰত সবাতোকৈ দীঘল বাজেট ভাষণ কিন্তু ভিতৰখন ফোঁপোলাঃ ৰাহুল গান্ধী

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
বিত্তমন্ত্ৰীয়ে ভাষণহে দিলে কিন্তু ভাল ঘোষণা একো নকৰিলে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদৰ বাজেট অধিৱেশনত দাখিল কৰে ২০২০-২১ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট। নিৰ্মলা সীতাৰমণে সংসদত দিয়া প্ৰায় ২ ঘণ্টা ৪০ মিনিট জোৰা বাজেট ভাষণ ভাৰতীয় সংসদৰ ইতিহাসত সবাতোকৈ দীঘলীয়া বাজেট ভাষণ হিচাপে বিবেচিত হৈছে। এই বাজেটক লৈ মুখ খুলিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

তেওঁ কয়- ”মানিছো এইখন বাজেট ভাষণে ইতিহাস ৰচিছে, কিন্তু ইয়াৰ ভিতৰখন শূন্য, ফোঁপোলা, একো নাই ইয়াত। কেন্দ্ৰ চৰকাৰে সদায় মুখেৰেহে কথা কয় কিন্তু কাৰ্যত একো নাই। ঠিক তেনেদৰে সেই মানসিকতাই প্ৰতিফলিত হৈছে ২০২০-২১ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত।

আমাৰ দেশৰ প্ৰধান সমস্যা হৈছে সংস্থাপনহীনতা। এই দিশটোক লৈ বাজেটত কোনো বাস্তৱসন্মত পৰিকল্পনা গ্ৰহণ কৰা মই দেখিবলৈ নাপালো। সেয়ে মই কৈছো দীঘলীয়া বাজেট ভাষণেৰে ইতিহাস ৰচিলেই নহ’ব সেয়া কাৰ্যত কিমান বাস্তৱ ৰূপ ল’ব সেয়াহে মুখ্য বিষয়। বিত্তমন্ত্ৰীয়ে ভাষণহে দিলে কিন্তু ভাল ঘোষণা একো নকৰিলে। এই বাজেট ভাষণ শুনি কোনোৱে স্বস্তিৰ নিশ্বাস নেপেলায়।”

Photo Credit: Scroll.in

Related Post