27 C
Guwahati
Sunday, September 12, 2021
More

    বিদায় ঋষি কাপুৰঃ মুম্বাইৰ চন্দনবাৰীত হ’ব অন্তিম সংস্কাৰ, মাত্ৰ ১৫জন লোকে অংশগ্ৰহণ কৰিব

    ১৯৫২ৰ ৪ চেপ্তেম্বৰত মুম্বাইত জন্ম হৈছিল ঋষি কাপুৰৰ। তেওঁ পৃথ্বীৰাজ কাপুৰ পৰিয়ালত জন্ম হৈছিল। তেওঁৰ পিতৃ ৰাজ কাপুৰো অভিনেতা-পৰিচালক আছিল

    আজি মুম্বাইত বলীউডৰ দিগ্গজ অভিনেতা ঋষি কাপুৰৰ মৃত্যু হয়। অভিনেতাজন দীঘলীয়া সময় ধৰি কেঞ্চাৰ দৰে দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি আছিল। তথ্য অনুসৰি আজিয়েই হ’ব ঋষি কাপুৰৰ অন্তিম সংস্কাৰ। মুম্বাইৰ মৰীন লাইঞ্চৰ চন্দৰবাৰী এলেকাৰ শ্মশানত পঞ্চভূতত বিলীন হ’ব অভিনেতাগৰাকী।

    ভাৰতত অব্যাহত থকা লকডাউনৰ মাজতে প্ৰশাসনে অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰিবলৈ সম্বন্ধীয় প্ৰায় ১৫জন লোককে অনুমতি প্ৰদান কৰিছে। অভিনেতাজনৰ মৃত্যুৰ পিছত আজি পুৱা হাস্পতালৰ বাহিৰত যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছিল, কিন্তু মুম্বাই আৰক্ষীয়ে প্ৰতিজনে লোকক উভতাই পঠিয়াই। অন্তিম ক্ষণত ঋষি কাপুৰৰ সৈতে পত্নী নিতু, পুত্ৰ ৰণবীৰসহ সম্পূৰ্ণ পৰিয়াল উপস্থিত আছিল।

    উল্লেখ্য যে ঋষি কাপুৰৰ কন্যা ৰিদিমা কাপুৰ বৰ্তমান দিল্লীতে আছে। দক্ষিণ-পূব দিল্লীৰ ফেণ্ডছ্ কলনী ইষ্টত বাস কৰে ৰিদিমা। দক্ষিণ-পূব DCPয়ে কোৱা অনুসৰি, দিল্লী আৰক্ষীয়ে তেওঁক মুম্বাই যাবলৈ মুভমেণ্ট পাছ জাৰি কৰি দিছে।

    ১৯৫২ৰ ৪ চেপ্তেম্বৰত মুম্বাইত জন্ম হৈছিল ঋষি কাপুৰৰ। তেওঁ পৃথ্বীৰাজ কাপুৰ পৰিয়ালত জন্ম হৈছিল। তেওঁৰ পিতৃ ৰাজ কাপুৰো অভিনেতা-পৰিচালক আছিল। প্ৰথমখন ছবি ‘মেৰা নাম জোকৰ’ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় ফিল্ম পুৰষ্কাৰ লাভ কৰিছিল। তেওঁ চিন্টু নামেৰে খ্যাত আছিল। ২০০৮ত তেওঁক ফিল্মফেয়াৰৰ তৰফৰ পৰা লাইফটাইম এচিভমেণ্ট পুৰষ্কাৰ দিয়া হৈছিল।

    ‘ববী’ ছবিখনত তেওঁৰ অভিনয় যথেষ্ট পচন্দ কৰা হৈছিল। ইয়াৰোপৰি তেওঁৰ ‘প্ৰেম ৰোগ’, ‘নগীনা’, ‘চান্দনী’ৰ দৰে পুৰণি ছবিয়ো পচন্দ কৰিছিল দৰ্শকে। কেইদিনমান পূৰ্বে তেওঁৰ ছবি ‘মুল্ক’, ‘দো দুনী চাৰ’, ‘অগ্নিপথ’ আৰু ‘১০২ নট আউট’ৰ দৰে ছবিও যথেষ্ট পচন্দ কৰা হৈছিল।

    Photo credit: Google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING