বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খংৰাত বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৪০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী যুৱক থিতাতে নিহত হয় ।বৰ্তমানলৈ নিহত যুৱকজন চিনাক্ত হোৱা নাই । বৰপেটাৰ খংৰাৰ কেঁকুৰিত দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক। ট্ৰাকখনৰ নম্বৰ হ’ল AS 01- LC-2296.গুৱাহাটী দিশৰ পৰা বৰপেটা অভিমুখী ট্ৰাকখনে কঢ়িয়াই আনিছিল মিনা বজাৰৰ সামগ্ৰী। নিহত যুৱকজন মিনা বজাৰৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।
যুৱকজনৰ ট্ৰাকখনৰ চেপাত পৰি মৃত্যু হয় । ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ জেচিবিৰ সহায়ত নিহত যুৱকজনক উদ্ধাৰ কৰি চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰাৰ পিছত মৃতদেহটো তাৰাবাৰী থানালৈ লৈ যায়। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰা হৈছে। ট্ৰাক চালকসহ ট্ৰাকখনত থকা তিনিগৰাকী ব্যক্তি আন ট্ৰাকত উঠি ঘটনাস্থলীৰ আঁতৰি যায়।