বকোৰ শাখাতি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা শোকৱহ পথ দুৰ্ঘটনা৷ দক্ষিণ কামৰূপৰ জনপ্ৰিয় যুৱ অভিনেতা অনুপম কৌশিকৰ চিকিৎসালয়ত মৃত্যু ৷ স্কুটী আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ৷ গুৰুতৰভাৱে আহত অভিনেতা ৰাজমহল ৰাভা ৷ ‘থিয়েটাৰ মঞ্চৰূপা’ৰ অভিনেতা আছিল দুয়োজন যুৱক ৷

অনুপম কৌশিকৰ মৃত্যুত সমগ্ৰ দক্ষিণ কামৰূপ জুৰি শোকৰ ছাঁ পৰিছে। নিহত অভিনেতা অনুপম কৌশিকৰ ঘৰ বকোৰ শাখাতিত হোৱাৰ বিপৰীতে গুৰুতৰ ভাবে আহত অভিনেতা ৰাজমহল ৰাভা হৈছে বকোৰ বন্দাপাৰাৰ বাসিন্দা। আহত ৰাজমহল ৰাভা সম্প্ৰতি জিএনআৰচি’ত চিকিৎসাধীন।