ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। বকোৰ পিছত এইবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় লখিমপুৰৰ লালুকৰ ১২ মাইলত। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাভ নৈৰ দলঙৰ ওপৰত দুখন আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটি হয় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত ২০গৰাকীতকৈও অধিক যাত্ৰী আহত হয়। আহতসকলৰ ভিতৰত অধিকাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰী। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাটোৰ পিছতেই বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘাইপথটো মুকলি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। দুৰ্ঘটনাগ্ৰস্ত আলট্ৰা বাছ দুখনৰ নং AS 07 C 9621 আৰু AS 02 AC 9839 ।