30 C
Guwahati
Wednesday, June 23, 2021
More

    মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, শিশুসহ ৯জন গুৰুতৰভাৱে আহত

    যাত্ৰীবাহী মেজিকখন জাগীৰোডৰ পৰা যাত্ৰী লৈ মৰিগাঁও দিশে আৰু অটোখন মৰিগাঁৱৰ পৰা জাগীৰোডলৈ গৈ থকা অৱস্থাত গলচেপাত দুৰ্ঘটনাত পতিত হয়

    মৰিগাঁও জাগীৰোড পথৰ গলচেপাত ভয়াৱহ পথ দুৰ্ঘটনা। মেজিক আৰু অটোৰ মুখামুখি সংঘৰ্ষত শিশুসহ ৯ জন গুৰুতৰভাৱে আহত। সোমবাৰে দুপৰীয়া AS 25-DC- 9445 নম্বৰৰ মেজিক বাহনেৰে AS- 21C-1048 নম্বৰৰ অটোভানৰ লগত মুখামুখি সংঘৰ্ষ
    হয়।

    Time8

    যাত্ৰীবাহী মেজিকখন জাগীৰোডৰ পৰা যাত্ৰী লৈ মৰিগাঁও দিশে আৰু অটোখন মৰিগাঁৱৰ পৰা জাগীৰোডলৈ গৈ থকা অৱস্থাত গলচেপাত দুৰ্ঘটনাত পতিত হয়। ঘটনাস্হলীত মৰিগাঁও যান-বাহন আৰক্ষী উপস্থিত হৈ আহতসকলক তাৎক্ষণিকভাৱে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই।

    আহত লোকসকলৰ নাম ক্ৰমে পাত্ৰবড়ীৰ গুনেন্দ্ৰ শৰ্মা, নটুৱাগাঁৱৰ ৰুদ্ৰ নাথ, আশীগড়ৰ চামচুল নেহা, পাকৰিগুৰীৰ আনিছ জামাল, খাটবড়ীৰ চামোলা খাতুন, পাকুগুৰিৰ আবু শ্বৰীদ, লঠাবড়ীৰ ৰীণা শৰ্মা, কাঞ্চন সৰকাৰ আৰু শিশু প্ৰিয়াংক্ষী বিশ্বাসকে ধৰি ৯গৰাকী যাত্ৰী আহত হয় |

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING