30 C
Guwahati
Wednesday, June 23, 2021
More

    Twitterত বিয়পিছে কোহলী আৰু অনুষ্কাৰ বিবাহ বিচ্ছেদৰ অপপ্ৰচাৰ, টুইটাৰত ট্ৰেণ্ড #VirushkaDivorce

    এই খবৰটো আছিল ২০১৬ৰ আৰু সেই সময়ত বিৰাট আৰু অনুষ্কা বিবাহপাশত আৱদ্ধ হোৱা নাছিল। সেই সময়ত দুয়োৰে মাজত সম্পৰ্ক আছিল কিন্তু কিছু সময়ৰ বাবেহে পৃথক হৈছিল

    প্ৰতিদিনে ছচিয়েল মিডিয়াত নতুন নতুন খবৰ ট্ৰেণ্ড হৈয়েই থাকে আৰু এই খবৰ কিমান সঁচা কিমান মিছা সেইটো কোনেও গুৰুসহকাৰে গ্ৰহণ নকৰে।

    কিছুদিন পূৰ্বে প্ৰাক্তন ভাৰতীয় ক্ৰিকেট অধিনায়ক এমএছ ধোনীয়ে অৱসৰ গ্ৰহণ কৰাৰ খবৰ বিয়পি পৰিছিল আৰু টুইটাৰত ট্ৰেণ্ড হৈ পৰিছিল। এতিয়া এনে অনুৰূপ ঘটনা ট্ৰেণ্ডিং হ’বলৈ ধৰিছে। ট্ৰেণ্ডিং কৰা বিষয়টো হ’ল বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ।

    পুৰণি খবৰৰ পৰা আৰম্ভ হৈছিল ট্ৰেণ্ড

    শুকুৰবাৰৰ সন্ধিয়াৰে পৰা টুইটাৰত বিৰাট আৰু অনুষ্কাৰ বিবাহ বিচ্ছেদৰ সৈতে জড়িত হেছটেগ ট্ৰেণ্ড কৰিবলৈ আৰম্ভ হৈছিল। #VirushkaDivorce নামৰ ট্ৰেণ্ডে ইউজাৰ্চক ভাবিবলৈ বাধ্য কৰাইছিল। কিন্তু শীঘ্ৰে এই সন্দৰ্ভত প্ৰকৃত ৰহস্য ফাদিল হয় আৰু এয়া মাত্ৰ অপপ্ৰচাৰহে বুলি জানিবলৈ পোৱা যায়।

    ৰিপৰ্ট অনুসৰি বিৰাট আৰু অনুষ্কা বিচ্ছেদ হোৱা সন্দৰ্ভত এটা পুৰণি খবৰ শ্বেয়াৰ হ’বলৈ আৰম্ভ কৰিছিল। এই খবৰটো আছিল ২০১৬ৰ আৰু সেই সময়ত বিৰাট আৰু অনুষ্কা বিবাহপাশত আৱদ্ধ হোৱা নাছিল। সেই সময়ত দুয়োৰে মাজত সম্পৰ্ক আছিল কিন্তু কিছু সময়ৰ বাবেহে পৃথক হৈছিল।

    এই ঘটনাটোকে বিৰাট আৰু অনুষ্কাৰ বিবাহ বিচ্ছেদ হোৱাৰ কথাৰে বিয়পোৱা হৈছিল, পিছত এই খবৰটো ট্ৰেণ্ড হ’বলৈ আৰম্ভ কৰিছিল। কিছুদিন পূৰ্বে অনুষ্কা শৰ্মাৰ নিৰ্দেশনা কৰা বনী ৱেব ছিৰিজ ‘পাতাল লোক’ক লৈ বিবাদ হৈছিল। উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কে কৈছিল যে বিৰাটে অনুষ্কাক তালাক দিব লাগে।

    ইউজাৰ্ছে দিলে হাস্যকৰ প্ৰতিক্ৰিয়া
    টুইটাৰ ব্যৱহাৰকাৰীসকলে এই ট্ৰেণ্ডটো ধেমালিলৈ পৰিৱৰ্তন কৰিছিল আৰু পৃথক পৃথক মীমছ শ্বেয়াৰ কৰে

    Photo credit: asianage.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING