বেডমিণ্টনত ভাৰতৰ পৰিচয় দুগুণ শক্তিশালী কৰা খেলুৱৈ ছাইনা নেহৱালে যোগ দিলে বিজেপিত। ছাইনাই এতিয়া নতুন ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণি কৰিব। আজি ২৯ বছৰীয়া ছাইনা নেহৱালে তেওঁৰ জ্যেষ্ঠ ভগ্নী চন্দ্ৰাশু নেহবালৰ সৈতে বিজেপিত যোগদান কৰে।
দুয়োগৰাকীকে একেলগে বিজেপিৰ মুখ্য কাৰ্যালয়ত সদস্যতা প্ৰদান কৰে। ছাইনাই বিজেপিত যোগ দিয়াৰ পিছতে বিজেপি মহাসচিব অৰুণ সিঙে ক’লে, আজি মই যথেষ্ট গৰ্বিত কাৰণ আজি বিজেপিত ছাইনা নেহৱালে যোগদান কৰিলে।

বিজেপিত যোগ দিয়াৰ পিছত ছাইনা নেহৱালে ক’লে যে, আজি ভাল দিন। মই কেইবাটাও খিতাপ দখল কৰিছো কিন্তু আজি মই এনেকুৱা এটা দলত যোগদান কৰিলো, যিটো দলে দেশৰ কাৰণে ইমান ভাল কাম কৰি আছে। মই যথেষ্ট পৰিশ্ৰমী খেলুৱৈ আৰু মই সেইসকল লোকৰ সৈতে কাম কৰিব বিচাৰো যিসকল লোকে পৰিশ্ৰম কৰিব পাৰে।
যোগদান অনুষ্ঠানত ছাইনা নেহৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যথেষ্ট প্ৰশংসা কৰিল, মই দেখিছো যে নৰেন্দ্ৰ মোদীয়ে দেশৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰে। মই ৰাজনীতিত নতুন। মই মোদী জীৰ পৰা অনুপ্ৰাণিত আৰু মই আশা কৰো যে মই দেশৰ কাৰণে ভাল কাম কৰিম। মই বিজেপিক ধন্যবাদ জ্ঞাপন কৰিছো।
Photo credit: indiatoday.in