21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় বগা হ’বলৈ কি কৰিব লাগে ছাৰাই দিলে পৰামৰ্শ!

    বগা হ’বলৈ কি কৰিব লাগে ছাৰাই দিলে পৰামৰ্শ!

    মানুহে ইচ্ছা কৰিলে নিজৰ দেহৰ বৰণ একেবাৰে সহজ পদ্ধতিত সলাব পাৰে৷ আপুনি যদি সোণোৱালী বৰণৰ অধিকাৰী হ’বলৈ বিচাৰিছে তেন্তে আপুনি দেহত ব্ৰঞ্জৰ লেপন দিবলৈ লওক আৰু যদি আপুনি বগা হ’বলৈ বিচাৰিছে তেন্তে খুব পাউডাৰ সানক

    বলীউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান সোমাই পৰিছে বিতৰ্কত৷ ছাৰাই কেৱল অভিনয়ৰে নহয় সহজ সৰল আচৰণ আৰু অমায়িক ব্যৱহাৰৰ বাবেও ভাৰতীয় দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে৷ কিন্তু এইবাৰ ৰোষত পৰিছে বলীউড তাৰকা ছৈফ-অমৃতাৰ দুহিতা ছাৰা৷

    Photo credit: @saraalikhan95

    সদ্যহতে সাংবাদিক বৰ্ষা দত্তৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাৰাই নাৰীবাদ, শৰীৰৰ ইতিবাচকতা তথা ফিল্ম ইণ্ডাষ্ট্ৰীৰ ক্ৰমবৰ্ধমান পৰিৱৰ্তনসহ একাধিক বিষয়ৰ ওপৰত নিজৰ মত দাঙি ধৰে৷ সাক্ষাৎকাৰটিত এক কথাৰ প্ৰসংগত ছাৰাই কয় যে-

    ‘‘মানুহে ইচ্ছা কৰিলে নিজৰ দেহৰ বৰণ একেবাৰে সহজ পদ্ধতিত সলাব পাৰে৷ আপুনি যদি সোণোৱালী বৰণৰ অধিকাৰী হ’বলৈ বিচাৰিছে তেন্তে আপুনি দেহত ব্ৰঞ্জৰ লেপন দিবলৈ লওক আৰু যদি আপুনি বগা হ’বলৈ বিচাৰিছে তেন্তে খুব পাউডাৰ সানক৷’’

    মানুহৰ দেহৰ বৰণক লৈ ছাৰাই কৰা এনে তৰল মন্তব্যক বহুতেই ছ’চিয়েল মিডিয়াত থকাসকৰা কৰাৰ লগতে ছাৰাকো ঠাট্টা-মস্কৰা কৰিবলৈ এৰা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time